/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/corona-virus-aditya-thakrey-darrngggggg-pramod-bodo-mancasar-pootest-news-hhhhhhh-kiborah-twolacsrupeenewsface-885577-copy.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্ৰ তথা মন্ত্ৰী আদিত্য ঠাকৰেৰ দেহত ধৰা পৰে কোভিড পজিটিভ। শনিবাৰে সন্ধিয়া টুইটাৰযোগে এই কথা জনালে খোদ আদিত্য ঠাকৰেয়ে।
আদিত্য ঠাকৰেয়ে টুইটাৰত লিখিছে- 'মোৰ দেহত কোৰোনাৰ লক্ষণ দেখাৰ পাছতে কোভিড টেষ্ট কৰিলো। মোৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। শেহতীয়াকৈ মোৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড টেষ্ট কৰাৰ আহ্বান জনাইছো। সাৱধানতাৰ প্ৰয়োজন আছে। কোভিড প্ৰট'ক'লৰ পালন কৰে আৰু সুৰক্ষিত হৈ থাকক।'