পত্নী গৈছিল মাকৰ ঘৰলৈ! উভতি নহাৰ বাবেই ৪সন্তানক কুৱাঁত দলিয়াই দিলে স্বামীয়ে...

পত্নীৰ সৈতে ভয়ংকৰ কাজিয়া স্বামীৰ।  অৱশেষত পিতৃয়ে ৪সন্তানক এটা এটাকৈ কুঁৱাত দলিয়াই দি নিজেও কুঁৱাত জপিঁয়াই প্ৰাণ দিয়ে। এই সমগ্ৰ ঘটনাটোত ৪সন্তানৰ লগতে পিতৃৰো মৃত্যু হৈছে।

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল ডেস্কঃ পত্নীৰ সৈতে ভয়ংকৰ কাজিয়া স্বামীৰ।  অৱশেষত পিতৃয়ে ৪সন্তানক এটা এটাকৈ কুঁৱাত দলিয়াই দি নিজেও কুঁৱাত জপিঁয়াই প্ৰাণ দিয়ে। এই সমগ্ৰ ঘটনাটোত ৪সন্তানৰ লগতে পিতৃৰো মৃত্যু হৈছে।

Advertisment

শোকৱহ এই ঘটনাতো সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ আলিয়ানগৰ থানা এলেকাত সংঘটিত হৈছে এই ঘটনাতো। আৰক্ষীয়ে সদৰি কৰা তথ্য অনুসৰি, ৩০বছৰীয়া স্বামী সুনীল কালেৰ সৈতে সঘনাই কাজিয়া হৈছিল পত্নী শিল্পা কালেৰ। অৱশেষত ৪সন্তানক এৰি মাকৰ ঘৰলৈ গুছি গৈছিল শিল্পা।

মাকৰ ঘৰলৈ পত্নী গুছি যোৱাৰ পাছত বাৰে বাৰে ফোন কপি সুনীলে পত্নীক ঘৰলৈ আহিবলৈ আহ্বান জনাইছিল যদিও পত্নী উভতি অহা নাছিল। আৰু তীব্ৰ মানসিক চাপত অৱশেষত কণ কণ ৪টি সন্তানক কুৱাঁত দলিয়াই দিয়ে পিতৃয়ে।

নিহত ৪সন্তানৰ ভিতৰত এগৰাকী কন্যা আৰু বাকী তিনিটা হৈছে পুত্ৰ সন্তান। তেওঁলোকৰ নাম ক্ৰমে ৯বছৰীয়া শিৱানী, ৭বছৰীয়া প্ৰেম, ৬বছৰীয়া বীৰ আৰু ৫বছৰীয় কবীৰ। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জিলা আৰক্ষীয়ে ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

হত্যাকাণ্ড