শেষ সিদ্ধান্তঃ লকডাউনেই চূড়ান্ত তথা অন্তিম উপায়!

শেষ সিদ্ধান্তঃ লকডাউনেই চূড়ান্ত তথা অন্তিম উপায়!

author-image
asomiyapratidin
New Update
শেষ সিদ্ধান্তঃ লকডাউনেই চূড়ান্ত তথা অন্তিম উপায়!

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত এটা দিনত ৩০-৪০হাজাৰ লোক আক্ৰন্ত হৈছে কোৰোনাত। ৰাজ্যখনত ক্ৰমান্বয়ে কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অনিয়ন্ত্ৰিত হোৱাৰ দিশে গতি কৰাৰ সময়তে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই কৰিছে এক বিশেষ ঘোষণা।

Advertisment

মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে, কোভিড গাইডলাইনক লৈ ৰাজ্যৰ অধিকাংশ লোক অলপো সচেতন নহয়। গতিকে এনে পৰিস্থিতি বাহাল থাকিলে অচিৰেই লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ৰাজ্যবাসীক বচাবলৈ আমি অচিৰেই এই সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছো।

উল্লেখ্য যে, দেশত বিগত ২৪ঘন্টাত ৬২হাজাৰো অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে অধিকাংশ লোক মহাৰাষ্ট্ৰৰে। গতিকে এই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে লকডাউনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাটো কোনো অস্বাভাৱিক ঘটনা নহয়।