ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসগৃহৰ নিৰাপত্তাত নিয়োজিত ৩ গৰাকী নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছে কোভিড-১৯। ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাৰ সময়তে এই ঘটনাই আতংকৰ সৃষ্টি কৰিছে। পূৰ্বে ২ গৰাকী নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছিল কোৰোনা ভাইৰাছ। পুনৰ ১জন নিৰাপত্তাৰক্ষীৰ দেহত এনেদৰে কোৰোনা ভাইৰাছ ধৰা পৰিছে।
তেওঁলোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে তৎকালীনভাৱে আটাইকে চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হৈছে। ইফালে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেন্টাইন কৰা হৈছে। উল্লেখ্য যে, মহাৰাষ্ট্ৰত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে ১১,৫০৬ গৰাকী লোক। ইফালে মৃত্যু হৈছে ৪৮৫ জন লোকৰ।