আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত তথা ঐতিহ্যমণ্ডিত আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী। এই বিদ্যালয়খনৰ মহাৰজত জয়ন্তী পালন কৰাৰ উপলক্ষে আজি বিয়লিৰ ভাগত আহ্বায়কমণ্ডলীৰ উদ্যোগত এই বিদ্যালয়খনত এখনি জৰুৰী সভা অনুষ্ঠিত কৰা হয়। 

author-image
Asomiya Pratidin
New Update
MAHARARRARARAJJJAT

ডিজিটেল সংবাদ, মিৰ্জাঃপলাশবাৰী সমষ্টিৰ অন্তৰ্গত তথা ঐতিহ্যমণ্ডিত আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী। এই বিদ্যালয়খনৰ মহাৰজত জয়ন্তী পালন কৰাৰ উপলক্ষে আজি বিয়লিৰ ভাগত আহ্বায়কমণ্ডলীৰ উদ্যোগত এই বিদ্যালয়খনত এখনি জৰুৰী সভা অনুষ্ঠিত কৰা হয়। 

আজিৰ এই সভাত মুখ্য আহ্বায়ক হিচাপে সভাখনি চলাই নিয়ে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত সহশিক্ষক যোগেন মহন্তই। এই সভাত আহ্বায়ক মণ্ডলীৰ হৈ ড০ গজেন্দ্ৰ অধিকাৰী, ভাস্কৰ গোস্বামী, বলেন চৌধুৰী, তপন কুমাৰ দাস, মঃ চিৰাজ আলী, গজেন্দ্ৰজিত দাস, প্ৰাণেশ্বৰ কলিতা, বসন্ত কুমাৰ দাস, তগৰ দাস, চন্দ্ৰধৰ দাস, লক্ষী কলিতা, প্ৰাঞ্জল কুমাৰ দাস, কন্দৰ্প দাস, ধৰ্মকান্ত দাস, ধ্ৰুৱজোতি দাস, তীৰ্থ নাথ দাস, দীপেন কলিতা,ৰত্ন দাস,পৱন মহন্তকে ধৰি বহু সংখ্যক লোকে আগত মহাৰজত জয়ন্তী পালন কৰাৰ সন্দৰ্ভত দিহা পৰামৰ্শৰে ভাষণ প্ৰদান কৰে। 

এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত এই মহাৰজত জয়ন্তী পালন কৰাৰ বাবে যাৱতীয় কাম-কাজ চলাই নিবলৈ আহ্বায়ক মণ্ডলীৰ এটি অস্থায়ী কাৰ্যালয় মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই কাৰ্যালয়টো অহা ২৭ জানুৱাৰীৰ গধূলি মুকলি কৰা হ’ব। 

আনহাতে আজিৰ সভাৰ এক সিদ্ধান্তমৰ্মে এই বিদ্যালয়খনৰ মূল প্ৰৱেশ পথত এখনি বেনাৰ আঁৰি দিয়া হয়। আগত ২৭ জানুৱাৰীৰ কাৰ্যালয় মুকলি অনুষ্ঠানত এই বিদ্যালয়খনৰ ন পুৰণি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, সমাজহিতৈষী ব্যক্তি, অভিভাৱকৰ লগতে ৰাইজৰ উপস্থিতি জৰুৰীভাৱে কামনা কৰিছে আহ্বায়ক মণ্ডলীৰ লগতে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপৰি বিদ্যালয়খনৰ শিক্ষকগোটে।

পলাশবাৰী