/asomiyapratidin/media/media_files/2026/01/21/670-2026-01-21-22-00-30.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাৰ্গ দৰ্শন আৰু নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ লক্ষ্যৰে ঢকুৱাখনা সমজিলাৰ বামুণগাঁৱত ১৯৪৮ চনত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল মহাপুৰুষীয়া নামঘৰ ভাগ । এইভাগ নামঘৰৰ ভাগৱত ভাগে ৭৫ টা বর্ষ অতিক্ৰম কৰাৰ লগতে মহাপুৰুষীয়া গায়ন বায়ন আৰু ভাওনাই সোণালী জয়ন্তী বৰ্ষত উপনীত হ'ল।
এই বৰ্ণিল ক্ষণত গাঁওখনৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজ একত্ৰিত হৈ অহা ২২জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ আয়োজন কৰিছে
বামুণগাঁও মহাপুৰুষীয়া নামঘৰৰ ভাগৱত প্ৰতিষ্ঠাৰ মহাৰজত জয়ন্তী আৰু গায়ন বায়ন আৰু ভাওনা প্ৰদৰ্শনৰ সোণালী জয়ন্তী মহোৎসৱ। বামুণগাঁও নামঘৰ প্ৰাঙ্গনত কাইলৈৰ পৰা অনুষ্ঠিত হব লগা এই আধ্যাত্মিক অনুষ্ঠান ভাগিৰ প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ কৰি তুলিছে গ্রাম সভা, মহিলা সমিতি,যুৱক সংঘৰ সহযোগত উদযাপন সমিতি আৰু গাঁওবাসী ধৰ্মপ্ৰাণ ৰাইজে।
কাইলৈ ২২জানুৱাৰীত প্ৰভাত ফেৰীৰে শুভাৰম্ভ হ'বলগা প্ৰথম দিনৰ কাৰ্যসূচীৰ পাছতে ধৰ্ম ধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি সুভাষ নেওগে। পৰৱৰ্তী সময়ত ভাগৱত প্ৰতিষ্ঠা আৰু খোল প্ৰসঙ্গৰে নাম আৰম্ভ হ'ব ।ইয়াৰ মাজতে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ উদ্বোধন কৰিব শ্ৰী শ্ৰী আউনি আটী সত্ৰ মাজুলীৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে ।
দ্বিতীয় দিনাৰ মূল কাৰ্য্যসূচী হিচাপে শৰাই প্ৰতিষ্ঠাৰ পাছতে কীৰ্তন পাঠ, খোল প্ৰসঙ্গৰে নাম আৰম্ভ,সবহুৱা নাম , মঞ্চ উদ্বোধন, মৃদঙীয়া গায়ন বায়ন প্ৰদৰ্শন, ,সাংস্কৃতিক অনুষ্ঠান ,মহাপুৰুষীয়া গায়ন বায়ন আৰু গাঁওখনৰ শিশু শিল্পীসকলৰ অভিনীত "শনিৰ দেৱত্ব প্ৰাপ্তি, গণেশৰ জন্ম কাহিনী ,গজাসুৰৰ মুক্তি লাভ" শীর্ষক ভাওনা প্ৰদর্শন কৰা হ'ব ।
তৃতীয় দিনা পুৱা শৰাই প্ৰতিষ্ঠাৰ পাছতে খোল প্ৰসংগ আৰু নাম প্ৰসংগৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব । পৰৱৰ্তী সময়ত স্মৃতিগ্ৰন্থ " যুগদ্ৰষ্টা মহাৰজত" উন্মোচন কৰিব নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক বাণী কান্ত কোঁৱৰে ।
স্বৰ্গীয় মুৰুলিধৰ দত্ত আৰু বিৰিন্দা দত্তৰ সশ্ৰদ্ধ স্মৰণত পৰিয়ালে প্ৰকাশ কৰি উলিওৱা এই স্মৃতিগ্ৰন্থ উন্মোচনৰ পাছতে " ধৰ্মৰ পৰিভাষা আৰু বাস্তৱিকতা" শীৰ্ষক এক আধ্যাত্মিক আলোচনাসত্ৰ অনুষ্ঠিত হ'ব। মাছখোৱা ডিগ্ৰী মহাবিদ্যালয়ৰ অধ্যাপক বসন্ত মংগল দত্তই সঞ্চালনা কৰিব লগা এই অনুষ্ঠান সামৰণি মৰাৰ পাছতে বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব লগা তৃতীয় দিনৰ কাৰ্যসূচীত অন্তৰংগ আলাপ অনুষ্ঠানো অনুষ্ঠিত হ'ব ।
মহোৎসৱৰ অন্তিম দিনা ২৫জানুৱাৰীৰ পুৱা প্ৰসংগ, আই নাম, কীৰ্তন ঘোষা পাঠ, ভাগৱত পাঠ, আই সকলৰ দিহা নাম, মহাপুৰুষীয়া গায়ন বায়ন আদি মনোজ্ঞ অনুষ্ঠানত বিধৌত হ'ব পবিত্ৰ নামঘৰ প্ৰাঙ্গন । নিশা বামুণ গাঁও শিল্পী সমাজৰ অভিনীত "গড়ৰুৰ অমৃত হৰণ" শীর্ষক ভাওনা প্ৰদৰ্শন কৰা হ'ব। মহাপুৰুষজনাৰ অতুল্য বৈষ্ণৱী সৃষ্টি ৰাজীৰ শ্ৰৱণ কীৰ্তনৰ লগতে অনুষ্ঠান ভাগিৰ সফল অনুষ্ঠিতকৰণৰ বাবে উদযাপন সমিতিৰ সম্পাদকদ্বয় প্ৰদীপ শৰ্মা, প্ৰমোদ বড়া আৰু সহকাৰী সম্পাদক ক্ৰমে টুপেন দত্ত আৰু অজিত দত্তই ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰ বাবে আন্তৰিকতাৰে সেৱা ধৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us