New Update
/asomiyapratidin/media/media_files/2025/01/22/tlctqgoGgQXEaDXFTKgS.jpg)
আৰম্ভ হ'ব ভাওনা আৰু অখণ্ড ভাগৱত পাঠ Photograph: (আৰম্ভ হ'ব ভাওনা আৰু অখণ্ড ভাগৱত পাঠ)
ডিজিটেল ডেস্কঃ আজি দশম দিনৰ ভৰি দিলে মহাকুম্ভ মেলাই। আজি গংগাত কেবিনেট মন্ত্ৰীসকলৰ সৈতে স্নান কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। কেবিনেট মন্ত্ৰীসকলৰ সৈতে গংগা সমূহীয়াকৈ স্নান কৰিব যোগী আদিত্যনাথে।
ইফালে যিমানেই দিন বা মহাকুম্ভ মেলাত ভক্তৰ সমাগম বৃদ্ধি পাইছে। যোৱা দুদিন ধৰি তাল-খোল-দবা আৰু শংখৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গংগাৰ পাৰ । মহাকুম্ভৰ পৱিত্ৰ স্নানত অংশগ্ৰহণ কৰা কোটিৰো অধিক সাধু-সন্ত তথা ভক্তই শুনিবলৈ পাইছে এই ধ্বনি ।
মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰি মাজুলীৰ ভকত-বৈষ্ণৱে নিজৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ সুযোগ লাভ কৰাৰ পিচতেই ইয়াত প্ৰতিষ্ঠা কৰা নামঘৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এইবাৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল অসমৰ মহাপুৰুষীয়া সমাজৰ অন্যতম আধাৰস্বৰূপ নামঘৰ ৷ এই নামঘৰত ২২ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ প্ৰদৰ্শিত হ'ব ভাওনা, সত্ৰীয়া সংস্কৃতিৰ লগতে অনুষ্ঠিত হ'ব অখণ্ড ভাগৱত পাঠ ৷