/asomiyapratidin/media/media_files/2026/02/15/133-2026-02-15-19-05-37.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰাজ্য প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটতো মহা শিৱৰাত্ৰিৰ ব্যাপক আয়োজন দেখা গৈছে ৷ দেওবাৰে পুৱাৰে পৰাই মহা শিৱৰাত্ৰি উপলক্ষে ভক্তপ্ৰাণ ৰাইজে মন্দিৰ প্ৰাংগনত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
জামুগুৰিহাটৰ চৈবাৰীৰ বাবা নাগেশ্বৰ মন্দিৰ আৰু ঐতিহাসিক নাগশংকৰ মন্দিৰতো আজি পুৱাৰে পৰাই মহা শিৱৰাত্ৰিৰ আয়োজন দেখা গৈছে ৷ দুয়োটা মন্দিৰৰ চৌহদত লোকে লোকৰন্য হৈ পৰিছে ৷ মহাদেৱৰ আৰধনাত মুখৰিত হৈ পৰিছে শিৱ মন্দিৰৰ চৌহদ।
মহাদেৱৰ আশীৰ্বাদ ল'বলৈকে পুৱাৰে পৰা অগনন ভক্ত প্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে । আজি পুৱাৰে পৰা প্ৰসাদ ধূপ ,বন্তি, নৈবেদ্য আদিৰে সৈতে পূঁজা অৰ্চনা কৰিবলৈ বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তপ্ৰাণ ৰাইজ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us