আজিৰে পৰা ৩১ জানুৱাৰীলৈকে বন্ধ থাকিব মহা মৃত্যুঞ্জয় মন্দিৰ

বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ থকা নগাঁও জিলাৰ মহা মৃত্যুঞ্জয় মন্দিৰ ১৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী ২০২৬লৈকে সাময়িকভাৱে বন্ধ থাকিব। মন্দিৰ পুনৰনিৰ্মাণ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহামৃত্যুঞ্জয় ন্যাসে। 

author-image
Asomiya Pratidin
New Update
641

ডিজিটেল ডেস্ক : বিশ্বৰ সৰ্ববৃহৎ শিৱ লিংগ থকা নগাঁও জিলাৰ মহা মৃত্যুঞ্জয় মন্দিৰ ১৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী ২০২৬লৈকে সাময়িকভাৱে বন্ধ থাকিব। মন্দিৰ পুনৰনিৰ্মাণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহামৃত্যুঞ্জয় ন্যাসে। 

মন্দিৰৰ কাম চলি থকা এই সময়ছোৱাত কোনো ভক্তই মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব। ১ ফেব্ৰুৱাৰীৰ পৰাহে ভক্তৰ বাবে খোল খাব মহা মৃত্যুঞ্জয় মন্দিৰৰ দ্বাৰ।

উল্লেখ কৰা প্ৰয়োজন যে, নগাঁও জিলাত অৱস্থিত এই মন্দিৰ মুকলিৰ পাছৰে পৰা বিশ্বৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ লোকে প্ৰতিদিনে ভিৰ কৰে মহা মৃত্যুঞ্জয় মন্দিৰত।

নগাঁও