জনজাতিকৰণৰ দাবীত মাৰ্ঘেৰিটাত টাই আহোমৰ বিশাল জোঁ‌ৰ সমদল...

জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আৰু টাই আহোমৰ ৬ টাকৈ সংগঠনৰ উদ্যোগত আজি মাৰ্ঘেৰিটা চুকাফা প্ৰতিমূৰ্তিস্থলীৰ

author-image
Asomiya Pratidin
New Update
ijjjdd

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ  জনজাতি কৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আৰু টাই আহোমৰ ৬ টাকৈ সংগঠনৰ উদ্যোগত আজি মাৰ্ঘেৰিটা চুকাফা প্ৰতিমূৰ্তিস্থলীৰ পৰা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ১০ সহশ্ৰাধিক টাই আহোম জনগোষ্ঠীৰ প্ৰতিবাদীকাৰিয়ে আজি বিশাল জোঁ‌ৰ সমদল বাহিৰ কৰি টাই আহোম সকলক জনজাতিকৰণ মৰ্য্যদা প্ৰদানৰ দাবীৰে বিশাল জোঁ‌ৰ সমদল বাহিৰ কৰে।

টাই আহোম যুৱ পৰিষদ, আহোম  সভা, পয় ফুৰালুং, টাই আহোম মহিলা পৰিষদ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, টাই আহোম ছাত্ৰ সন্থা সহ মাৰ্ঘেৰিটা বাসী ৰাইজৰ সহযোগত আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে মাৰ্ঘেৰিটা চুকাফা প্ৰতিমূৰ্তিস্থলীৰ পৰা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জোঁ‌ৰ সমদল কৰি উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰাজ্যচৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ শীঘ্ৰে টাই আহোম সকলক জনজাতিৰ মৰ্য্যদা প্ৰদানৰ দাবী জনায়।

প্ৰতিবাদকাৰী সকলে টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান নিৰ্বাচনৰ পূৰ্ব প্ৰদান নকৰিলে অনাগত দিনত বিজেপী নেতৃত্বাধীন চৰকাৰ খনে ইয়াৰ তীব্ৰ বিৰোধৰ সান্মুখীন হবলৈ সাজু থাকিবলৈ হুংকাৰ প্ৰদান কৰে। মাৰ্ঘেৰিটা সমষ্টিৰ লগতে আজি ডিগবৈ, শদিয়া, কাকপথাৰ, লক্ষীপথাৰ আদি অঞ্চলৰ অহোম ৰাইজে আজিৰ জোঁ‌ৰ সমদল কাৰ্য্যসূচীত পূৰ্ণ সহযোগীতা আগবঢ়ায়।

প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানাৰে মাৰ্ঘেৰিটাৰ আকাশ বতাহ কপাই তুলা পৰিলক্ষিত হয়। আজিৰ উত্তাল প্ৰতিবাদীকাৰ্য্যসূচীৰ প্ৰাছত বিজেপি নেতৃত্বাধীন ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে আহোম সকলৰ জনজাতী কৰণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা হাতত লয় সেইয়া লক্ষনীয় হ'ব। উল্লেখযে উজনি অসমৰ প্ৰায় সংখ্যক সমষ্টিতে আহোম ভোটাৰে নিৰ্নায়ক ভূমিকা প্ৰালন কৰি আহিছে।

মাৰ্ঘেৰিটা