/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-20-32-42.jpg)
ডিজিটেল ডেস্কঃ মাঘ মেলা হৈছে ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় কাৰ্যসূচী যি গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলী ত্ৰিবেণী সংগতম অনুষ্ঠিত হয়। প্ৰতিবছৰৰ দৰে এই বৰ্ষও প্ৰয়াগৰাজত আৰম্ভ হৈছে মাঘ মেলা। এই মাঘ মেলাৰ প্ৰথম দিনটোত লাখ লাখ ভক্তৰ আগমন ঘটে। পুৱাৰে পৰা ৬ লাখৰো অধিক ভক্তই ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰা পৰিলক্ষিত হয়। পৌষ পূৰ্ণিমাৰ পুণ্যক্ষণত পবিত্ৰ স্নানৰ জৰিয়তে এই ৪৪ দিনীয়া ধৰ্মীয় মহোৎসৱৰ শুভাৰম্ভ ঘটে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-20-2026-01-03-20-28-58.jpeg)
উল্লেখ্য যে, মাঘ মেলা হোৱা স্থানত ১০ হাজাৰ ফুট ওখ স্নানৰ ঘাট নিৰ্মাণ কৰা হৈছে, যিটো ২০২৩-২৪ মাঘ মেলাৰ সময়ত ৮ হাজাৰ ফুট উচ্চতাৰ আছিল। শনিবাৰে মাঘ মেলাৰ প্ৰথম দিনটোত ভক্তৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰয়াগৰাজ প্ৰশাসনে অধিক নিৰাপত্তাৰ ব্যৱস্থা কটকটিয়া কৰিছে। ইপিনে মাঘ মেলা কৰ্তৃপক্ষৰ অন্যতম বিষয়া ঋষি ৰাজে কয় যে- পুহ মাহৰ পূৰ্ণিমা স্নান উপলক্ষে আজিৰ পৰা আৰম্ভ হৈছে মাঘ মেলা । ইয়াত পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা আৰু নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে । পুৱা ৮ বজাৰ ভিতৰত সংগমত ৬ লাখ ৫০ হাজাৰ ভক্তই পবিত্ৰ স্নান কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-03-20-29-19.jpeg)
উত্তৰ প্ৰদেশৰ আৰক্ষী আয়ুক্ত যোগেন্দ্ৰ কুমাৰে কয় যে- ১৬০০ৰো অধিক কনিষ্টবল আৰু প্ৰায় ১০০০ হোমগাৰ্ড মোতায়ন কৰিছে। ইপিনে এন ডি আৰ এফৰ দুটা দলৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ৮০০ গৰাকী কৰ্মীকো নিয়োগ কৰিছে মাঘ মেলাৰ স্থানত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-imag-2026-01-03-20-29-36.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us