/asomiyapratidin/media/media_files/2025/09/11/pension-2025-09-11-17-09-35.jpeg)
ডিজিটেল ডেস্কঃ সঁচাই বিস্ময়কৰ দেশ ভাৰত। এফালে যদি দেশৰ একাংশ জনতাই উচিত মজুৰি, দৰমহা, পেঞ্চন আদিৰ বাবে প্ৰতিবাদ কৰিছে, প্ৰাপ্য আদায়ৰ বাবে প্ৰতিবাদ কৰি আৰক্ষীৰ বেত্ৰাঘাটৰ সন্মুখীন হৈছে আনফালে কোটিপতি মন্ত্ৰী, বিধায়কে বিনা প্ৰতিবাদে লাখে লাখে দৰমহা, পেঞ্চন আদায় কৰি থকাই নহয়, সময়ে সময়ে নিজ ইচ্ছা মতেই বৃদ্ধিও কৰি আহিছে। বাকী সকলো সময়তে বিধানসভাত চিঞঁৰ-বাখৰ লগাই চৰকাৰ-বিৰোধীয়ে সময় অতিবাহিত কৰিলেও নিজৰ দৰমহাকে ধৰি অন্যান্য ভাট্টা আদায়ৰ বিষয়ত সকলো হৈ পৰে ঐক্যবদ্ধ।
সেয়ে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাই যেন কোনোবাখিনিত প্ৰাপ্য আদায়ৰ বাবে ৰাজপথলৈ আহি বেত্ৰাঘাটৰ সন্মুখীন হোৱা সেই ন্যায্যপ্ৰাপ্তিৰ সংগ্ৰামত লিপ্ত হোৱা মানুহখিনিক উপলুঙা কৰি আহিছে। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ এগৰাকী আৰ টি আই কৰ্মীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত বিধায়ক, মন্ত্ৰী আদিৰ দৰমহাৰ যি তথ্য ফাদিল হৈছে সেই তথ্য এতিয়া দেশজুৰি আলোচনাৰ বিষয় হৈ পৰিছে। যদিও এই তথ্য কেৱল মধ্যপ্ৰদেশৰ কিন্তু সকলো ৰাজ্যতে সেই একেই অৱস্থা।
তথ্য অনুসৰি মধ্যপ্ৰদেশত এতিয়াও বিশেষভাৱে সক্ষম লোকে মাহে ৩০০ ৰ পৰা ৫০০ টকাৰ পেঞ্চনেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। যোৱা প্ৰায় দুটা দশকত তেওঁলোকৰ পেঞ্চন বৃদ্ধিৰ কোনো পৰিকল্পনাই গ্ৰহণ নকৰিলে চৰকাৰে। অথচ এই সময়ত মুদ্ৰাস্ফীতি বহুগুণেই বৃদ্ধি হৈছে। তাৰ পৰিপ্ৰেক্ষিততে সেই একেখন বিধানসভাৰে বিধায়ক, মন্ত্ৰীয়ে মুদ্ৰাষ্ফীতিৰ অচিলাৰে নিজৰ দৰমহা, অন্যান্য ভাট্টা বৃদ্ধি কৰিছে।
ৰাজ্যখনৰ গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ পৰা আৰ টি আই কৰ্মী চন্দ্ৰশেখৰ গৌৰে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনত ১৯৯৫ চনৰ ১৫ আগষ্টৰ পৰা ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী (NSAP) আৰম্ভ হৈছিল।সেই সময়ত ইয়াৰ তিনিখন আঁচনি আছিল - বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় পৰিয়াল সুবিধা আঁচনি আৰু প্ৰসূতি সুবিধা আঁচনি। ২০০০ চনত অন্নপূৰ্ণা যোজনা সংযোজন কৰি প্ৰসূতি আঁচনি স্বাস্থ্য মন্ত্ৰালয়ৰ হাতত অৰ্পণ কৰা হয়।
২০০৭ চনত "দুখীয়া"ৰ সংজ্ঞা আঁতৰাই বিপিএলৰ মানদণ্ড কাৰ্যকৰী কৰি পূৰ্বৰ মাহেকীয়া পেঞ্চন ৭৫ টকাৰ পৰা ২০০ টকালৈ বৃদ্ধি কৰা হয়। ২০০৯ চনত বিধৱা আৰু প্ৰতিবন্ধী পেঞ্চন আঁচনি আৰম্ভ কৰা হয়। ২০১১ চনত ৮০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকৰ বাবে পেঞ্চন ৫০০ টকা আৰু বিধৱা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ৩০০ টকা নিৰ্ধাৰণ কৰা হয়। কিন্তু তাৰ পিছৰ পৰা এইসমূহ বৃদ্ধি কৰা হোৱা নাই।
বৰ্তমানৰ পৰিস্থিতিতো ৰাজ্যখনত যিকোনো বয়সৰ বিধবাই ৩০০ টকা আৰু ৮০ বছৰৰ ওপৰৰ লোকে ৫০০ টকাৰ পেঞ্চন লাভ কৰে। একেই অৱস্থা বিশেষভাৱে সক্ষম লোকৰ বাবে দিয়া পেঞ্চনৰো। চৰকাৰী তথ্য অনুসৰিয়েই ২০২৪–২৫ চনৰ পৰিসংখ্যা অনুসৰি ১.৪৭ কোটি বৃদ্ধ লোকে বৃদ্ধ পেঞ্চন হিচাপে মাহে ৬৮৪৩ কোটি টকা লাভ কৰে। ১.০২ কোটি মহিলাই বিধৱা পেঞ্চনৰ অধীনত লাভ কৰে ৩৬১০ কোটি টকা।
একে সময়তে ৮.৫ লাখ প্ৰতিবন্ধী লোকে লাভ কৰিছিল ২৪৩ কোটি টকাৰ দিব্যাংগ পেঞ্চন। চাঞ্চল্যকৰ কথাটো হ’ল এই হাজাৰ হাজাৰ কোটি টকা কাগজে পত্ৰয়ে ব্যয় কৰা হৈছে যদিও বাস্তৱতে প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতিদিনৰ হিচাপত ১০ ৰ পৰা ১৫ টকাতকৈ বেছি লাভ নকৰে।
ইয়াৰ বিপৰীতে এতিয়া মধ্যপ্ৰদেশ বিধান সভাৰ বিধায়কসকলে প্ৰতি মাহে আদায় কৰি আছে ১.১ লাখ টকা। তেওঁলোকে লাভ কৰে ৩৫ হাজাৰ চকাৰ নিৰ্বাচনী ভাট্টা আৰু অন্যান্য সুবিধা। এই অন্যান্যৰ মাজত আছে ইন্ধন, টেলিফোনৰ ব্যয়, বিধানসভা অধিবেশনৰ সময়ছোৱাৰ বিশেষ ভাট্টা আদি। তেওঁলোকে লাভ কৰে বিনামূলীয়া স্বাস্থ্যৰো সুবিধা।
তাৰ পিছতো এতিয়া সেই একেখন বিধানসভাই বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰিছে। যাৰ বাবে তেওঁলোকৰ মাহেলি আদায় কৰিব ১.৬ লাখ টকা। তাৰোপৰি প্ৰাক্তন বিধায়কৰ দৰমহাও ৩৫ হাজাৰ টকাৰ পৰা ৭০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। অথচ এওঁলোকে ৰাজনীতিক সেৱা বুলি নিজকে ৰাইজৰ সেৱক আখ্যা দি আহিছে।
এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ ২০২৩ চনৰ প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশৰ ২৩০ জন বিধায়কৰ ভিতৰত ২০৫ জনেই কোটিপতি। ইয়াৰে ১০২জন বিধায়কৰ সম্পত্তি ৫ কোটিতকৈও অধিক। তথাপিও সকলো দলৰ নেতাই দৰমহা বৃদ্ধিৰ বাবে একত্ৰিত হৈছে।
কিন্তু সেই একে সময়তে মূল্যবৃদ্ধিয়ে আকাশ স্পৰ্শ কৰাৰ সময়ত একাংশই মাহে ৩০০ টকাৰ পৰা ৫০০ টকালৈ পেঞ্চনেৰে চলিবলগীয়া হৈছে। এয়া কেৱল মধ্যপ্ৰদেশৰে অৱস্থা নহয়। একেই অৱস্থা প্ৰতিখন ৰাজ্যৰ।