/asomiyapratidin/media/media_files/2025/10/06/mohan-yadav-06-2025-10-06-12-12-59.jpg)
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে দেওবাৰে গুৱাহাটীত এথন বিনিয়োগ সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যখনক দেশৰ প্ৰধান বিনিয়োগৰ গন্তব্য হিচাপে উল্লেখ কৰে আৰু তেওঁ মধ্যপ্ৰদেশক দেশৰ কেন্দ্ৰস্থল বুলি কৈ ৰাজ্যখনৰ প্ৰচুৰ সম্পদ, দক্ষ কৰ্মশক্তিৰ বিষয়ে উল্লেখ কৰি বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰে।
তেওঁ অসমৰ উদ্যোগপতিসকলক মধ্যপ্ৰদেশত উৎপাদন, বস্ত্ৰ, সেউজ শক্তি, পৰ্যটন আৰু বন্যপ্ৰাণী সম্পৰ্কিত ক্ষেত্ৰসমূহত বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ আহ্বান জনাইছে। এই সন্মিলনতে মোহন যাদৱে মধ্যপ্ৰদেশৰ উদ্যোগিক সুবিধাসমূহৰ সন্দৰ্ভত কবলৈ গৈ এক লাখ একৰ ভূমি বেংক, ৩০ শতাংশ সেউজ শক্তিসহ বিদ্যুৎ শ্বেয়াৰ (যি ২০৩০ চনৰ ভিতৰত ৫০ শতাংশলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে), শক্তিশালী লজিষ্টিক ব্যৱস্থা, উদ্যোগৰ বাবে ৩০ দিনৰ ভিতৰত ছিংগল-উইনড’ ক্লিয়াৰেন্স প্ৰক্ৰিয়া, নিয়োগ সৃষ্টি কৰা কোম্পানীৰ ক্ষেত্ৰত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে ৫,০০০ টকাৰ বিশেষ ছাবছিডিৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে।
তেওঁ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী মিত্ৰা পাৰ্ক (PM MITRA Park) ধাৰ জিলাত স্থাপনক বস্ত্ৰ উদ্যোগৰ বাবে সৰ্বশ্ৰেষ্ঠ সুযোগ হিচাপে বৰ্ণনা কৰে। যাদবে কয়, “মধ্যপ্ৰদেশ ভাৰতৰ হৃদপিণ্ড আৰু এই ৰাজ্যখন দেশৰ আদৰ্শ বিনিয়োগ গন্তব্য হৈ উঠিছে।”
তেওঁ মধ্যপ্ৰদেশৰ কেন্দ্ৰীয় অৱস্থান, প্ৰচুৰ পানী আৰু বিদ্যুৎ, দক্ষ জনশক্তি, আৰু উৎকৃষ্ট লজিষ্টিক ব্যৱস্থাই ৰাজ্যখনক বিনিয়োগৰ বাবে আটাইতকৈ উপযোগী ৰাজ্য হিচাপে গঢ়ি তুলিছে বুলি উল্লেখ কৰে। ৰাজ্যখনক দেশৰ মুখ্য মহানগৰসমূহৰ সৈতে প্ৰত্যক্ষ সংযোগে বিনিয়োগকাৰীৰ বাবে অতিৰিক্ত সুবিধা দিয়ে বুলিও কয়।
তেওঁ অসমৰ উদ্যোগপতিসকলক মধ্যপ্ৰদেশত উদ্যোগ, ইক’-টুৰিজম ক্লষ্টাৰ আৰু উৎপাদন ইউনিট স্থাপন কৰিবলৈ আহ্বান জনাই পূৰ্ণ সহায়ৰ আশ্বাস দিয়ে। তাৰোপৰি এই অনুষ্ঠানতে মধ্যপ্ৰদেশৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, মধ্যপ্ৰদেশ চৰকাৰে এতিয়ালৈকে MSME উদ্যোগসমূহক ৫,১০০ কোটি টকাৰ অনুদান প্ৰদান কৰিছে। বিনিয়োগকাৰীসকলে ছিংগল-উইনড’ ব্যৱস্থাৰ সহায়ত ৩০ দিনৰ ভিতৰত উদ্যোগ স্থাপন কৰিব পাৰে।