মধুপুৰ সত্ৰত জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে সপ্তাহযোৰা ভাগৱত পাঠ...

জুবিন গাৰ্গৰ অকাল মৃত্যুত মহাপুৰুষ জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পৱিত্ৰ তীৰ্থস্থান কোচবিহাৰৰ মধুপুৰ সত্ৰৰ ভকত-বৈষ্ণৱ সকলোকে শোকবিহ্বল কৰি তুলিছে।

author-image
Asomiya Pratidin
New Update
madhupur satra 21

ডিজিটেল সংবাদ ধুবুৰীঃ অসমৰ জাতীয় সম্পদ,সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সেৱক জুবিন গাৰ্গৰ অকাল মৃত্যুত মহাপুৰুষ জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পৱিত্ৰ তীৰ্থস্থান কোচবিহাৰৰ মধুপুৰ সত্ৰৰ ভকত-বৈষ্ণৱ সকলোকে শোকবিহ্বল কৰি তুলিছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয় ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়েন জনোৱা মতে, ২১ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ সপ্তাহযোৰা এই মহান শিল্পীগৰাকীৰ আত্মাৰ শান্তিৰ বাবে ভাগৱত পাঠ কৰা হ'ব।

২১ ছেপ্টেম্বৰত মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভাকতে এই ভাগৱত পাঠৰ অনুষ্ঠান শুভ আৰম্ভ কৰে। মধুপুৰ সত্ৰৰ একান্ত সেৱক ডাক্তৰ কেশৱ চন্দ্ৰ দাসে পাঠ কৰা ভাগৱত পাঠ অনুষ্ঠানত সত্ৰৰ ভকতসকলে অংশ গ্ৰহণ কৰি শিল্পী জুবিন গাৰ্গ লৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

মধুপুৰ সত্ৰ