/asomiyapratidin/media/media_files/2025/08/25/madhupur-25-2025-08-25-18-10-25.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৈকুণ্ঠগামী হোৱা কোচ বিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰত আজি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে গুৰুজনাৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হয়। অসমীয়া জাতীয় জীৱনৰ অন্যতম পীঠস্থান মধুপুৰ সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি পুৱা প্ৰভাত ফেৰীৰে আৰম্ভ কৰা হয়।
এই কাৰ্য্যসূচীৰ পিছত পুৱা ১১বজাৰ পৰা ভাগৱত পাঠ আৰু আয়তিসকলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়। দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়ন, বৰপেটা সত্ৰৰ হৰিদেৱ দাস, পুলিন কুমাৰ পাঠক বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে কোচবিহাৰৰ কেইবাগৰাকীও গুৰুজনাৰ আদৰ্শত বিশ্বাসী লোক উপস্থিত থাকি মহাপুৰুষগৰাকীৰ জীৱন পৰিক্ৰমাৰ ওপৰত আলোক পাত কৰে।
বিয়লি ৩ বজাত থিয়নাম পৰিৱেশনৰ দ্বাৰা তিথিৰ কাৰ্য্যসূচীৰ সামৰণি পৰে। উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত গঠন হোৱা সত্ৰ পৰিচালনা সমিতিৰ সদস্য সচিব হিচাপে ধুবুৰী জিলা আয়ুক্তক দায়িত্ব অৰ্পন কৰা হৈছিল। কিন্তু সদস্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিও তেওঁ গুৰুজনাই দেহ ত্যাগ কৰা পৱিত্ৰস্থানত গুৰুজনাৰ তিৰোভাৱ তিথি পালনৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপেই গ্ৰহণ নকৰিলে। এনে পৰিস্থিতিত বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভিন্নজনে।