/asomiyapratidin/media/media_files/2026/01/20/madhupurutsavvv-2026-01-20-19-18-39.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসন আৰু মধুপুৰ সত্ৰ সমিতিৰ সহযোগত মধুপুৰ উৎসৱ উদযাপন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ এই দুজনা গুৰুৰ মহা প্ৰয়ানস্থলী কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে গুৰু দুজনাৰ সেৱক বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি এই উদযাপন কৰা হয় এই উৎসৱ।
কাৰ্যসূচী অনুসৰি পুৱাৰ গীত ৰামৰাইকুঠী সত্ৰৰ আইসকলৰ নাম বাপুসকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হয়। দুপৰীয়া শংকৰদেৱ-মাধৱদেৱ গুৰু দুজনাৰ আপুৰুগীয়া সম্পদ সেৱাৰ বস্তু প্ৰদৰ্শন কৰা হয়।
ইফালে, ৰামৰাইকুঠী, জিনকাটা, শিমলাবাৰী আদি সত্ৰৰ নাম দলে থিয়নাম পৰিবেশন কৰে। আনহাতে, আবেলি ধৰ্ম আলোচনা সভাৰ লগতে সন্ধিয়া অংকীয়া নাটো অনুষ্ঠিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us