/asomiyapratidin/media/media_files/2025/12/24/521-2025-12-24-15-54-05.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থ ক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত যোৱা ৩০ বছৰ ধৰি পালন কৰি অহা ঐতিহ্যমণ্ডিত মধুপুৰ মহোৎসৱ অনুষ্ঠিত হোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মধুপুৰ মহোৎসৱ উদযাপন সমিতিৰ প্ৰচাৰ সচিব যুগান্ত বায়নে জনোৱা মতে, ২৪ ডিচেম্বৰত আবেলি ২ বজাত সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ মহোৎসৱ উদযাপন সমিতিৰ সহযোগত অনুস্থিত হ'বলগীয়া এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰৰে মহোৎসৱৰ কাৰ্য্য সূচী আৰম্ভ হ'ব।
শ্ৰীমদ্ভাগৱতত ভক্তি আৰু মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত অসমীয়া ভক্তি সাহিত্য শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হ'বলগীয়া এই আলোচনা চক্ৰ উদ্বোধন কৰিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল দাসে। অসম চৰকাৰৰ সাহিত্যিক বঁটা প্ৰাপক কৰুণাকান্ত ৰায়ে সঞ্চালনা কৰিবলগীয়া এই অনুষ্ঠানত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিব ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অমলেণ্ড চক্ৰৱৰ্তীয়ে আৰু আলোচক হিচাপে উপস্থিত থাকিব উৰিষ্যাৰ বিশিষ্ট গৱেষক ড০ শৰৎ কুমাৰ জেনা, অসমৰ ডক্তৰ ভৱেশ দাস, নৱ কুমাৰ মিশ্ৰ, লক্ষ্মীকান্ত সিংহৰ লগতে উত্তৰ বংগৰ কেবাগৰাকীও বিশিষ্ট গৱেষকে। সেইদিনা সন্ধিয়া ৫ বজাত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সত্ৰীয়া আৰু লোকসংগীতৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব।
সংগীত নাটক একাডেমী বঁটা প্ৰাপক গুনিদ্ৰ নাথ ওজাই উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানত অসমৰ বিশিষ্ট লোকশিল্পী অনুকূল ৰায়ে অনুষ্ঠান পৰিৱেশন কৰিব ২৫ ডিচেম্বৰ ৰাতিপুৱা ৯ বজাত ভাগৱৎ যাত্ৰাৰে দ্বিতীয় দিনৰ কাৰ্য্যসূচী আৰম্ভ হ'ব। সেইদিনা ৰাতিপুৱা ১০ বজাৰ পৰা পালনাম সমাৰোহ আৰু থিয়নাম সমাৰোহ অনুষ্ঠিত হ'ব।
এই সমাৰোহত অসমৰ বিভিন্ন সত্ৰ, নামঘৰসমূহৰ ভকত বৈষ্ণৱৰ লগতে উত্তৰ বংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰসমূহৰ ভকতবৃন্দই অংশ গ্ৰহণ কৰিব। আবেলি ২ বজাত হ'বলগীয়া মুকলি সভা আৰু স্মৰণিকা উন্মোচন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী।
আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব সাহিত্য অকাডেমি বঁটা প্ৰাপক অঞ্জন শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বি.পি এফ. দলৰ উপসভাপতি প্ৰবীন বড়ো।
সন্ধিয়া ৫ বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত বৰপেটা শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শিল্পী সকলে পৰিৱেশন কৰিব লগীয়া ভাওনাৰে মহোৎসৱৰ সামৰণি পৰিব। মধুপুৰ মহোৎসৱৰ এই সকলো কাৰ্য্য সূচীত মহোৎসৱ উদযাপন সমিতিৰ হৈ মূখ্য আহ্বায়ক কুমাৰ দীপক দাস আৰু আহ্বায়ক পুলিন কুমাৰ পাঠক, হৰিদেৱ দাস আৰু ধৰণীধৰ দাসে আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us