/asomiyapratidin/media/media_files/2025/09/12/c66c34fb-1f96-4d6b-a734-64a317a0da07-2025-09-12-09-13-28.jpeg)
ডিজিটেল ডেস্কঃ আজিমহাপুৰুষ মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি । ৰাজ্যৰ অনান্য ঠাইৰ লগতে যোৰহাট জিলাৰ পূব প্ৰান্তত মাধৱদেৱে নিজহাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দিনযোৰা কাৰ্যসূচীৰে মাধৱদেৱ তিথি উদযাপন কৰা হৈছে ।
ইপিনে আজিৰ এই বিশেষ দিনটোত পূৰ্বৰ দৰে পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে হাতে হাতে শৰাই, ধূপ, চাকি লৈ নেদেখাজনৰ চৰণত সেৱা জনায় । সমান্তৰালকৈ নামঘৰ পৰিচালনা সমিতিয়েও সকলো ৰাইজৰ কুশল মংগলৰ অৰ্থে অক্ষয় বন্তিত তেল, এখনি শৰাই আগবঢ়ায় । জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে পূৰ্ণ সহযোগত মাহজোৰা পালনাম আৰু মহাপুৰুষ মাধৱদেৱৰ তিথি উদযাপন কৰা হৈছে ।
বটদ্ৰৱা থানত মহাপুৰুষ মাধৱদেৱৰ তিথি উপলক্ষে ভকত বৈষ্ণৱৰ আগমন-
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য, বঢ়াৰ পো মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। মাধৱদেৱৰ তিৰোভাৱ তিথি বটদ্ৰৱা থানত ‘মাধৱদেৱ গুৰুজনাৰ কীৰ্তন’ হিচাপে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে যোৱা কালিৰ পৰা আৰম্ভ হৈছে। কালি ঘোষা কীৰ্তন, গন্ধ গোৱা অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠানৰ পাছত আজি পুৱা ‘তাল কোবোৱা’ প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম আদি বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ লগতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে কীৰ্তন ঘৰৰ পিৰালিত বহি "নাম ডাকা" কাৰ্যসূচীৰে মুখৰিত কৰি তুলিছে। মাধৱদেৱৰ তিথি উপলক্ষে পুৱাৰে পৰা দ্বিতীয় বৈকুন্ঠ বটদ্রৱাত হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে।