ডিজিটাইজিং অসম প্ৰকল্পৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ

চুক্তিখন মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰুপ জ্যোতি চৌধুৰীৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ড° খিৰোপদ দত্ত আৰু ডিজিটাইজিং অসম উদ্যোগৰ নেতৃত্ব দিয়া নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সচিব মৃণাল তালুকদাৰে স্বাক্ষৰ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-16 at 8.51.16 AM

ডিজিটেল ডেস্কঃ মাধৱদেৱ বিশ্ববিদ্যালয়ে সোমবাৰে ‘ডিজিটাইজিং অসম’ প্ৰকল্পৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই সহযোগিতাৰ জৰিয়তে বিশ্ববিদ্যালয় আৰু ইয়াৰ আশ পাশৰ অঞ্চলত সংৰক্ষিত দুষ্প্ৰাপ্য গ্ৰন্থ, সাহিত্যকৰ্ম, পুৰণি জাৰ্নেল আৰু পাণ্ডুলিপিসমূহ ডিজিটাইজ কৰাৰ দিশত যৌথভাৱে কাম কৰা হ’ব। চুক্তিখন মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰুপ জ্যোতি চৌধুৰীৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ড° খিৰোপদ দত্ত আৰু ডিজিটাইজিং অসম উদ্যোগৰ নেতৃত্ব দিয়া নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সচিব মৃণাল তালুকদাৰে স্বাক্ষৰ কৰে।

2a70a357-d19f-4e0d-823e-cfb945797b3d

উল্লেখ্য যে, এই চুক্তিৰ অধীনত বিশ্ববিদ্যালয়খনে  শিক্ষানুষ্ঠান, ব্যক্তিগত সংগ্ৰহ আৰু সমীপৱৰ্তী সামাজিক স্থানসমূহত থকা নথি-পত্ৰ, পুৰণি জাৰ্নেল আৰু পাণ্ডুলিপিসমূহ চিনাক্ত কৰি সিহঁতৰ ডিজিটাইজেচনৰ প্ৰক্ৰিয়া সহজ কৰি তুলিব। বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ পাছতে উপাচাৰ্য ড° চৌধুৰী, তালুকদাৰ আৰু বিশ্ববিদ্যালয়ৰ একাংশ অধ্যাপকে ওচৰৰ এখন খামতি গাঁও পৰিদৰ্শন কৰে। উক্ত গাঁৱৰ এটা বৌদ্ধ মন্দিৰত সংৰক্ষিত কেইবাখনো পাণ্ডুলিপি পৰিদৰ্শন কৰা এই ভ্ৰমণেই সহযোগিতাৰ অধীনত ডিজিটাইজেচনৰ কাম আৰম্ভ কৰাৰ প্ৰথম ক্ষেত্ৰভিত্তিক পদক্ষেপ হিচাপে চিহ্নিত হৈছে।এই অংশীদাৰিত্বক লৈ সন্তোষ প্ৰকাশ কৰি উপাচাৰ্য ড° চৌধুৰীয়ে কয় যে, এই উদ্যোগ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ স্থানসমূহৰ পৰা আৰম্ভ হ’ব আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত অসমৰ বৈচিত্ৰময় সাহিত্যিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এই সহযোগিতাই নতুন গতি প্ৰদান কৰিব।

a61fa927-5488-49bd-a13a-315baa9b0f9b

প্ৰণিধানযোগ্য যে, নন্দ তালুকদাৰ ফাউণ্ডেচনৰ নেতৃত্বত চলি থকা ‘ডিজিটাইজিং অসম’ হৈছে এক দীঘলীয়া সাংস্কৃতিক সংৰক্ষণ আন্দোলন। এই community project ৰ  লক্ষ্য হৈছে দুষ্প্ৰাপ্য অসমীয়া গ্ৰন্থ, জাৰ্নেল, পাণ্ডুলিপিসমূহ ডিজিটাইজ কৰি এইসমূহ সন্ধানযোগ্য আৰু সহজলভ্য কৰা। ঐতিহ্য সংৰক্ষণ আৰু ডিজিটেল সুবিধাৰ মাজৰ ব্যৱধান কমাই, গৱেষক, শিক্ষাৰ্থী আৰু সাধাৰণ লোকৰ বাবে এক সুদৃঢ় জ্ঞানভাণ্ডাৰ গঢ়ি তোলাই এই উদ্যোগৰ মূল উদ্দেশ্য।

মাধৱদেৱ বিশ্ববিদ্যালয়