Advertisment

ভাৰতীয় গেমিং উদ্যোগৰ উৰ্ধমুখী যাত্ৰা...

ভাৰতীয় গেমিং উদ্যোগ সন্দৰ্ভত পুনেৰ গেম ডেভেলপাৰ আৰু ইণ্ডাছ বেটল ৰয়েলৰ সৃষ্টিকৰ্তা ছুপাৰগেমিংৰ সহ-প্ৰতিষ্ঠাপক আৰু চিইঅ’ ৰবি জ'নে কয় যে, আমি এটা এনেকুৱা গেম বনাবলৈ সক্ষম হৈছো যিটোৱে সকলোকে আকৰ্ষণ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  সফলতাৰ শীৰ্ষত উপনীত হৈছে ভাৰতীয় গেমিং উদ্যোগ।  বৰ্তমান সময়ত অধিক সংখ্যক ঘৰুৱা কোম্পানীয়ে উচ্চমানৰ, গধুৰ বাজেটৰ আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক গেম সৃষ্টি কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে। এই বিকাশে ভাৰতীয় গেম ডেভেলপাৰ আৰু ষ্টুডিঅ’সমূহৰ ফোকাচ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন চিহ্নিত কৰিছে যিবোৰে বছৰ বছৰ ধৰি কেজুৱেল গেম আগবঢ়াই আহিছিল।

Advertisment

যোৱা মাহত দুটা হাই-প্ৰফাইল, গধুৰ বাজেটৰ (কাৰিকৰীভাৱে এ এ এ বুলি কোৱা হয়) গেম মুকলি কৰা হৈছিল।ইণ্ডাছ বেটল ৰয়েল আৰু ৰেজ ইফেক্ট: মোবাইল। প্ৰথমটো, যিটো বেটল ৰয়েল গেম, ১৬ অক্টোবৰত মুক্তি পোৱাৰ পিছত এণ্ড্ৰইড আৰু আইঅ’এছ প্লেটফৰ্মত প্ৰায় ৫০ লাখ ডাউনলোড হৈছে যদিও দ্বিতীয়টোৱে এটা এএএ শ্বুটাৰ গেম। ইয়াৰ মুকলি বিটা সংস্কৰণত ১ লাখ ২০ হাজাৰ প্ৰি-ৰেজিষ্ট্ৰেচন অতিক্ৰম কৰিলে।

ভাৰতীয় গেমিং উদ্যোগ সন্দৰ্ভত পুনেৰ গেম ডেভেলপাৰ আৰু ইণ্ডাছ বেটল ৰয়েলৰ সৃষ্টিকৰ্তা ছুপাৰগেমিংৰ সহ-প্ৰতিষ্ঠাপক আৰু চিইঅ’ ৰবি জ'নে কয় যে, আমি এটা এনেকুৱা গেম বনাবলৈ সক্ষম হৈছো যিটোৱে সকলোকে আকৰ্ষণ কৰিছে। লগতে বিশ্বজুৰি প্ৰতিযোগিতাত অংশ লৈছে। ইয়াকৈ লৈ ভাৰতীয় ষ্টুডিঅ' হিচাপে আমি গৌৰৱান্বিত।

ইতিমধ্যে বৃহৎ সংখ্যকে গেমটো ডাউনলোড কৰিছে। ইয়াৰোপৰি ২.৫ কোটী টকাৰ পুৰস্কাৰেৰে আমি এবছৰীয়া প্ৰতিযোগিতাও ঘোষণা কৰিছো বুলিও তেওঁ উল্লেখ কৰে।

ছুপাৰগেমিংৰ ১৬০ জনীয়া এটা দলে ইণ্ডাছ বেটল ৰয়েল নামৰ এটা গেম নিৰ্মাণ কৰিছে। এই প্ৰকল্পটোত বাণ্ডাই নামকো, আকাটছুকি এণ্টাৰটেইনমেণ্ট, স্কাইকেচাৰ, আৰু ১আপ ভেঞ্চাৰছৰ দৰে আগশাৰীৰ বিনিয়োগকাৰীয়ে যথেষ্ট বিনিয়োগ কৰিছে। জ'নে লগতে কয়, “তেওঁলোকৰ সমৰ্থনে ভাৰতীয় গেমিং উদ্যোগটোক উদ্ভাৱনীমূলক উৎসাহ প্ৰদান কৰিছে।”

ইতিমধ্যে FAU-G মুকলি কৰাৰ আগতেই যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। শেহতীয়াকৈ গুৰুগ্ৰাম, মুম্বাইত অনুষ্ঠিত হোৱা প্লেটেষ্ট আৰু হায়দৰাবাদত অনুষ্ঠিত হোৱা ইণ্ডিয়ান গেম ডেভেলপাৰ কনফাৰেন্সত প্ৰায় ৯০% দৰ্শকক ভাৰতীয় সৈন্যৰ থীমটোৱে আকৰ্ষণ কৰিছে।

উল্লেখ্যযোগ্য যে, আই জি ডি চি ২০২৪ ৰ প্ৰথম দিনটোত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ সম্পাদক সঞ্জয় জাজুৱে ভিডিঅ’ গেমিং আৰু ইন্টাৰেক্টিভ মনোৰঞ্জন উদ্যোগৰ নেতাসকলৰ সৈতে নীতিগত বৈঠকত অংশগ্ৰহণ কৰে ।

তেওঁ ভিডিঅ’ গেমিং আৰু ৰিয়েল মানি গেমিংৰ মাজৰ পাৰ্থক্যৰ বিষয়ে চৰকাৰৰ বুজাবুজিৰ ওপৰত আলোকপাত কৰি গেমিং ডেভেলপাৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (জিডিএআই)ৰ সহযোগত ভাৰতক গেমিংৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাত সহায় কৰিবলৈ মন্ত্ৰণালয়ক আহ্বান জনাইছে।

ভাৰতীয় গেমিং উদ্যোগ