/asomiyapratidin/media/media_files/2025/09/01/240-2025-09-01-21-31-19.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : জমিয়ত উলেমাৰ সভাপতি মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে । দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই মেহমুদ মাদানীক আটক কৰিবলৈ অসম আৰক্ষীক দাবী জনায়।
সোমবাৰে এক বিবৃতিত তেওঁলোকে কয় যে, হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ সৈতে ভিতৰুৱা বুজাবুজিৰে অসমত সাম্প্ৰদায়িক পৰিৱেশ ৰচনা কৰিবৰ বাবেই মেহমুদ মাদানী অসমলৈ আহিছে। তেওঁ যে আজমলৰ খৰচত, আজমলৰ মন্ত্ৰণা অনুসৰিয়ে অসমলৈ আহিছে তাৰ প্ৰমাণ হ'ল।
আজি নিশা তেওঁ গোৱালপাৰা চহৰৰ নিকটৱৰ্তী কাৰবালাস্থিত বদৰুদ্দিন আজমলৰ ঘৰতে নিজৰ সংগীসকলৰ সৈতে নিশা যাপন কৰিছে। অৰ্থাৎ বদৰুদ্দিন আজমলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰা সাম্প্ৰদায়িকতাৰ জালখন মেলাৰ উদ্দেশ্যে ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ মেহমুদ মাদানী অসমলৈ অহাটো নিশ্চিত।
মেহমুদ মাদানীক কোনো ধৰণৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান নকৰাকৈ ইয়াৰ পৰা উভতি যাবলৈ আহ্বান জনাই গগৈ আৰু ভূঞাই কয় যে স্বাধীন দেশত এঠাইৰ পৰা আন ঠাইলৈ মানুহ অহা-যোৱা কৰিব পাৰে, তাত মেহমুদ মাদানীক বাধা দিয়াৰ কথা নাহে। কিন্তু তেওঁৰ উদ্দেশ্য যিহেতু সাম্প্ৰদায়িক বুলি স্পষ্ট, এনে পৰিপ্ৰেক্ষিতত তেওঁৰ ভ্ৰমণ আৰু বক্তব্যই অসমত সাম্প্ৰদায়িক পৰিৱেশ ৰচনা কৰিব পাৰে, এই কথা তেওঁ উপলব্ধি কৰা উচিত।
অসমৰ সামাজিক সংহতিৰ ক্ষতি কৰিব পৰা বক্তব্য প্ৰদান বা কাম কৰাৰ পৰা বিৰত থাকিবলৈ গগৈ আৰু ভূঞাই মাদানীক সকীয়াই দিয়ে। মাদানীৰ ভ্ৰমণ আৰু বক্তব্যই অসমত সংহতিৰ পৰিৱেশ বিনষ্ট কৰাৰ সম্ভাৱনালৈ চাই মাদানীক আটক কৰিবলৈ আৰু দিল্লীলৈ উভতাই পঠিয়াবলৈ অসম আৰক্ষীক গগৈ আৰু ভূঞাই আহ্বান জনায়।
তেওঁলোকে লগতে কয় যে ইতিপূৰ্বে মাদানীৰ বক্তব্যই অসমত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিৰ কৰাৰ কথাটো অসম আৰক্ষীৰ অজ্ঞাত নহয়। গতিকে আৰক্ষীয়ে ইতিমধ্যেই মাদানীক আটক কৰি উবতাই পঠিয়াই লাগিছিল। গতিকে বিষয়টো ৰাজ্যৰ গৃহ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে ৰাজ্যত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি নকৰাৰ স্বাৰ্থত মাদানীক আটক কৰি উভতাই পঠিয়াবলৈ ৰাজ্য চৰকাৰে আৰক্ষীক নিৰ্দেশ দিয়া উচিত।