/asomiyapratidin/media/media_files/2026/02/06/masss-2026-02-06-11-45-17.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ গোসাঁই গাঁও কমাৰ পাৰাত বৃহস্পতিবাৰে ৰাতি পুনৰ চাৰিটা কৈ মন্দিৰৰ মূৰ্তি চিঙি ভাঙি থৈ যায় দুস্কৃতিকাৰীয়ে। ৰাজহুৱা আৰু ব্যক্তিগত মন্দিৰটো সুমাই দুস্কৃতিকাৰী।
পূৰ্বেও একে ৰাতিতে ১৬-১৭ টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি যোৱাৰ পিছত পুনৰ যোৱা নিশা চাৰিটা মন্দিৰত সুমাই ধ্বংস কৰা কাৰ্য সহজ ভাবে লব পৰা নাই ৰাইজে। এইয়া সনাতনী লোকক আঘাট আখ্যা স্থানীয় লোকৰ।কোনো বিধৰ্মী লোকে এই কাৰ্য সংঘটিত কৰা বুলিও কয়।
পূৰ্বে ৫ গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছিল যদিও তদন্ত গতি মন্থৰ হৈ গৈছিল। তাৰেই সুযোগ লৈ পুনৰ এইকাণ্ড সংঘটিত হৈছে।এইবাৰ গোসাঁইগাঁওত জীৱন মণ্ডল, ব্ৰজেন সৰকাৰ আৰু এটা ৰাজহুৱা মন্দিৰৰ মূৰ্তি নষ্ট কৰাৰ লগতে মোৱামাৰিত এটা মন্দিৰ নষ্ট কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us