‘কামত সৰু-বৰ, পুৰুষ-মহিলা নাই’

ৰেখা ৰাজ্যখনৰ প্ৰথম মহিলা টেক্সি চালক।তেওঁ প্ৰতিদিনে ৰনিখেত আৰু হালদৱানীৰ মাজত টেক্সি চলায়।

author-image
Asomiya Pratidin
New Update
‘কামত সৰু-বৰ, পুৰুষ-মহিলা নাই’

ডিজিটেল ডেস্ক: এগৰাকী বিশেষ মহিলা, ব্যতিক্ৰমী কৰ্ম সংস্কৃতিৰ বাবে এই মহিলাগৰাকী আন দহগৰাকী মহিলাৰ বাবে হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস।তেওঁক লৈ এতিয়া সমগ্ৰ দেশ গৌৰৱান্বিত। হয়, মহিলাগৰাকীৰ নাম ৰেখা লোহানী পাণ্ডে।তেওঁ উত্তৰাখণ্ডৰ বাসিন্দা।ৰেখা ৰাজ্যখনৰ প্ৰথম মহিলা টেক্সি চালক।তেওঁ প্ৰতিদিনে ৰনিখেত আৰু হালদৱানীৰ মাজত টেক্সি চলায়।

Advertisment

শেহতীয়াকৈ ৰেখা লোহানী পাণ্ডেক ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী চন্দন ৰামদাসে অভিনন্দন জনাই আৰু তেওঁৰ দৰে সাহসী মহিলা সমগ্ৰ দেশৰ মহিলাসকলৰ বাবে আদৰ্শ বুলি অভিহিত কৰে।পৰিবহণ মন্ত্ৰীজনে ৰেখাৰ প্ৰশংসা কৰি লগতে কয়, ‘স্ব নিযুক্তিৰ দিশত পদক্ষেপ গ্ৰহণ কৰা মহিলাসকলৰ বাবে আপুনি এক উদাহৰণ।এগৰাকী সাহসী মহিলাৰ সিদ্ধান্তই কেৱল তেওঁৰ পৰিয়ালকে সমৃদ্ধ নকৰে, তেওঁৰ কৰ্ম আন বহুজনৰ বাবে অনুপ্ৰেৰণাও হয়। 

ৰেখা লোহানী পাণ্ডে উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ গৰুড় অঞ্চলৰ ভেডাৰ বাসিন্দা। তেওঁৰ স্বামীয়ে সেনাবাহিনীৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত টেক্সি চলাবলৈ লয়।কিন্তু কিছুদিন আগতে হঠাৎ তেওঁ স্বামী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয়। যেনে-তেনে চলি থকা পৰিয়ালটোক সকাহ দিবলৈ ৰেখাই নিজেই টেক্সিখন চলাবলৈ সিদ্ধান্ত লয়।

সৰুৰে পৰাই অত্যন্ত মেধাৱী ৰেখা স্নাতকোত্তৰ ডিগ্ৰী(এম এছ ডব্লিউ)ৰ গৰাকী আৰু তেওঁ আইন বিষয়ত স্নাতক ডিগ্ৰীধাৰী।ইমান পঢ়া-শুনাৰ পাছতো টেক্সি চলাই জীৱন নিৰ্মাণ কৰা ৰেখাই কয়, ‘কামৰ সৰু-ডাঙৰ নাই।পৰিশ্ৰমে সদায় ফল দিয়ে।কামত পুৰুষ আৰু মহিলাৰ মাজত কোনো পাৰ্থক্য থাকিব নালাগে।’ সঁচাকৈয়ে এইগৰাকী মহিলা বাৰু আন বহুগৰাকী মহিলাৰ বাবে আদৰ্শ নহয়নে ?

Also Read: এই অভ্যাসে সলনি কৰিব পাৰে শিশুৰ ভৱিষ্যত

ৰেখা লোহানী পাণ্ডে