মুম্বাই প’ৰ্ট অথৰিটীৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি পালে এম. অংগামুঠুৱে

কেন্দ্ৰীয় কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে অসম-মেঘালয় কেডাৰৰ অভিজ্ঞ আইএএছ বিষয়া এম. অংগামুঠুক মুম্বাই প’ৰ্ট অথৰিটীৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্রদান কৰিছে।

author-image
Asomiya Pratidin
New Update
cxcxcxcccccccccccc

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে অসম-মেঘালয় কেডাৰৰ অভিজ্ঞ আইএএছ বিষয়া এম. অংগামুঠুক মুম্বাই প’ৰ্ট অথৰিটীৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্রদান কৰিছে। তেওঁ বিশাখাপত্নম প’ৰ্ট অথৰিটীৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি আছিল। অংগামুঠুৱে ২০২৪ চনৰ অক্টোবৰ মাহত অৱসৰ গ্ৰহণ কৰা ৰাজীৱ জলোটাক উত্তৰাধিকাৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

অসমত কৰ্মজীৱনৰ আৰম্ভণিৰ সময়তে অংগামুঠুৱে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে প্ৰায় চাৰিবছৰ পদ অলংকৃত কৰিছিল। ২০১৪ চনৰ আগৰ পৰা আৰম্ভ কৰি ২০১৮ চনৰ ২০ ফেব্ৰুৱাৰী পৰ্যন্ত কামৰূপ মহানগৰ জিলাৰ উন্নয়নমূলক কাৰ্যসূচীসমূহ তেখেতৰ নেতৃত্বত আগবঢ়িছিল। তাৰ পাছত তেওঁ অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত আৰু সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ উপৰিও GMDAৰ মুখ্য কাৰ্যবাহী অধিকাৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল। 

অংগামুঠুৰ অধ্যক্ষ পদত নিযুক্তিৰ বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত হোৱা মন্ত্রিসভাৰ নিযুক্তি সমিতিয়ে (ACC) অনুমোদন কৰে। উল্লেখযোগ্য যে, মুম্বাই প’ৰ্ট অথৰিটি দেশৰ ১২টা চৰকাৰী নিয়ন্ত্ৰণাধীন মুখ্য প’ৰ্টৰ অন্যতম। এই প’ৰ্টটো ৰাজীৱ জলোটাৰ অৱসৰৰ পাছত বহুদিন ধৰি অধ্যক্ষবিহীন হৈ আছিল। এই সময়ছোৱাত ডীন্দয়াল প’ৰ্ট অথৰিটীৰ অধ্যক্ষ সুশীল কুমাৰ সিঙে অস্থায়ীভাৱে মুম্বাই প’ৰ্ট অথৰিটীৰ দায়িত্ব পালন কৰিছিল।

অসমৰ নগৰ উন্নয়ন খণ্ডত সমৃদ্ধ পৰিচালনাৰ অভিজ্ঞতা আৰু বৰ্তমানৰ বিশাখাপত্নম প’ৰ্ট অথৰিটীৰ সফল নেতৃত্বৰ অভিজ্ঞতা লৈ মুম্বাই প’ৰ্টৰ দৰে দেশৰ অন্যতম ব্যস্ততম বন্দৰটোৰ দায়িত্ব গ্ৰহণ কৰা এম. অংগামুঠুৰ নিযুক্তিক এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে মানি লোৱা হৈছে।

অংগামুঠু