/asomiyapratidin/media/media_files/2025/10/13/lujjd-2025-10-13-23-40-41.jpg)
ডিজিটেল ডেস্কঃ শ্যামকানু মহন্তৰ ঘৰটো ছীল কৰাৰ পিছত কেনেকৈ পত্নীয়ে ঘৰটোত সোমাল? এইবোৰ কথাৰ উত্তৰ বিচাৰি আমি যুঁজি যাম। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আয়োজন কৰা সংবাদমেলত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
গগৈয়ে কয় যে, তদন্তৰ নামত ভেকুভাওনা চলিছে নেকি? প্ৰতিদিনাই সলনি হয় প্ৰেক্ষাপট। জুবিন দাৰ ন্যায়ৰ বাবে আমি যিকোনো স্তৰলৈ যাম। মহান শিল্পীগৰাকীৰ ন্যায়ৰ বাবে কেৱল ৰাজনীতি নহয়, তাতকৈ যদি বেছি কিবা আছে সেয়াও আমি কৰিম।
লুৰিণজ্যোতি গগৈয়ে লগতে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য় দাঙি ধৰে। তেওঁ কয় যে, যদিহে সংবিধানে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ অনুমতি প্ৰদান কৰিছে, তেন্তে সেই প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে। আৰু যদিহে সংবিধানত তেনে কোনো নিয়ম নাই, তেন্তে ৰাজহুৱা কৰিব নালাগে। আমি আইন আৰু সংবিধানৰ বিৰুদ্ধে আমি কেতিয়াও কথা কোৱা নাই। কিন্তু চৰকাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দিব লাগিব।
লুৰিণজ্যোতি গগৈয়ে অভিমন্যু তালুকদাৰৰ বিৰুদ্ধে কি ৰহস্যজনক কাৰণত মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে। অভিমন্যু তালুকদাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ নিকট সম্পৰ্ক আছে বুলিও অভিযোগ উত্থাপন কৰে গগৈয়ে। আনহাতে দীপাৱলী ফটকাক লৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানক লৈ গগৈয়ে কয়- দীপাৱলীত ফটকা ফুটাওঁতে মুখ্যমন্ত্ৰীয়ে বেদনাই দহি থকা, অবুজ যন্ত্ৰণাত জৰ্জৰিত গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানীৰ কাতৰ মুখখনি এবাৰ মনত পেলাই লওঁক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us