/asomiyapratidin/media/media_files/2026/01/28/12-2026-01-28-22-52-00.jpg)
ডিজিটেল সংবাদ,ধেমাজি : এখন ফটো বা ছেল্ফী তুলি এতিয়ালৈকে সামাজিক মাধ্যমত আপলোড কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে লুৰীণজ্যোতি গগৈক শেহতীয়াকৈ কটাক্ষ কৰাক লৈ ধেমাজিত তীব্ৰ প্ৰত্যুত্তৰ দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈ ৷ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ নিজৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যৰে সমষ্টিয়ে সমষ্টিয়ে ব্যাপক তৎপৰতা চলাই থকা সভাপতি লুৰীণজ্যোতি গগৈয়ে বুধবাৰে সন্ধিয়া দলীয় নেতা-কৰ্মীৰ সৈতে ধেমাজিত উপস্থিত হৈ কেতবোৰ মন্তব্য কৰে ৷
শ্বহীদৰ প্ৰতি মোৰ সন্মান অন্তৰত আছে : লুৰীণজ্যোতি
সাংবাদিকৰ সন্মুখত মন্তব্য কৰি লুৰীণজ্যোতি গগৈয়ে শ্বহীদ স্মাৰকত ফটো তুলিলেই শ্বহীদক সন্মান কৰা নুবুজায় বুলি মন্তব্য কৰে। শ্বহীদৰ প্ৰতি মোৰ সন্মান অন্তৰত আছে বুলি গগৈয়ে কয় ৷
তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়েহে বাৰে বাৰে শ্বহীদক অপমান কৰি আহিছে বুলি অভিযোগ কৰে ৷ তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে, অন্তৰত যদি শ্বহীদৰ প্ৰতি সঁচা সন্মান আছে; তেন্তে বিজেপিৰ কাৰ্যালয়ত শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিৰ কাষত শ্বহীদ বেদী সাজি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনায় ৷
লগতে বিজেপি দলৰ প্ৰত্যকখন সভাৰ পূৰ্বে এক মিনিট সময় শ্বহীদক স্মৰণ কৰি মৌন প্ৰাৰ্থনা কৰি দেখুৱাওক বুলি বিজেপি দলক প্ৰত্যাহ্বান জনায় ৷ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি লুৰীণজ্যোতি গগৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাই শ্বহীদকো শ্ৰেণী বিভাজন কৰি পেলাইছে বুলি সমালোচনা কৰি 'কা' আন্দোলনত শ্বহীদ হোৱা সকলৰ প্ৰতি অসন্মানজনক মন্তব্য কৰি আহিছে বুলি মন্তব্য কৰে ৷
লগতে সমাগত নিৰ্বাচনত অসম জাতীয় পৰিষদ দলে নিজৰ সাংগঠনিক স্থিতি থকা, জাতীয়তাবাদ থকা সমষ্টিতে প্ৰাৰ্থী বিচাৰিব বুলি কয় ৷ বিৰোধী ঐক্য একত্ৰিত হৈ সিদ্ধান্ত গ্ৰহণত পলম হৈছে বুলিও তেওঁ মতপ্ৰকাশ কৰে ৷ অৱশ্যে সকলোৰে আলোচনা মৰ্মে সাম্প্ৰদায়িক বিজেপিৰ বিৰোদ্ধে একগোট হ'ব বুলি কয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us