/asomiyapratidin/media/media_files/2025/12/10/452-2025-12-10-21-17-34.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : ২০১৪ চনত নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰা ২০২৫ চনত ১২বছৰ অতিক্ৰম হৈছে লগতে অসমত বিজেপিয়ে শাসন কৰা আৰু ৩মাহ পাছত ১০ বছৰত ভৰি দিব। অবৈধ বিদেশী যদি তোমালোকৰ ভাষাত অচিনাকি মানুহ হয়, তেনেহ'লে ১৯৭১ চনৰ পৰা আৰু ৫৩ বছৰৰ অতিৰিক্ত অচিনাকি মানুহৰ বোজা দিব খোজা মানুহজন হৈছে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-im-2025-12-10-21-09-45.jpeg)
আঞ্চলিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যেতি গগৈয়ে বুধবাৰে তেজপুৰত এইদৰে কয়। উল্লেখ্য যে অসম জাতীয় পৰিষদৰ উদ্যোগত তেজপুৰৰ হেম বৰুৱা ভৱনত আজি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়।
এইক্ষেত্ৰত শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কেইবাশতাধিক লোকৰ উপস্থিতিত মুকলি সভাত ভাষণ প্ৰদান কৰি অজাপৰ সভাপতি লুৰিণজ্যেতি গগৈয়ে নিজা ভাষণত কয়- মহান বীৰ শ্বহীদসকলৰ ত্যাগ,আদৰ্শ আৰু স্বদেশ প্ৰেমৰ মহান চানেকিয়ে সকলোকে উদ্বুদ্ধ কৰি থাকক। শ্বহীদ সকলৰ পৰা আমি আশিস বিচাৰিছো যাতে অসমৰ মাটিত আমাৰ অধিকাৰ ৰক্ষা কৰিব পাৰোঁ। অসমী আইৰ বুকুত যাতে হাহি বিৰিঙাব পাৰোঁ, আমি স্বাভিমানেৰে অসমৰ বুকুত জীয়াই থাকি যুঁজিবলৈ শক্তি সাহস পাও তাৰ বাবে আশীৰ্বাদ বিচাৰিছো।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-ima-2025-12-10-21-06-41.jpeg)
সভাপতি গগৈয়ে লগতে কয় - এটা কথা উপলব্ধি কৰিব লাগিব কাৰণ এটা কথা স্পষ্ট আমাৰ অসমৰ ভৌগোলিক পৰিসীমা যিমান আছিল সেই পৰিসীমা বাঢ়ি যোৱা নাই। হয়তো আন্তৰাজ্যিক সীমা সমস্যাৰ কাৰণে ভৌগোলিক পৰিসীমা সংকুচিত হৈছে।
গগৈয়ে নিজা ভাষণত আৰু কয়- ১৯৯৭ গ'ল ২০০৫ গ'ল,২০১৫ গ'ল আৰু ২০২৫ গ'ল যদিও এই দীঘলীয়া পৰিক্ৰমাত চাৰিটা দশক অতিক্ৰম কৰাৰ পিছতো অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ দিল্লীৰ যি প্ৰতিশ্ৰুতি আছিল, অসমৰ জনগণৰ প্ৰতি ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি পালন নকৰিলে। বৰঞ্চ সময় অতিবাহিত হোৱাৰ লগে লগে এই সমস্যাৰ জটিলতা আৰু বাঢ়িল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-i-2025-12-10-21-18-06.jpeg)
আমি ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে সমগ্ৰ দেশবাসীৰ হৈ মানৱীয় দৃষ্টিভংগীৰে আন্তৰাস্ট্ৰীয় চুক্তিৰ প্ৰতি সন্মান জনাই অসম চুক্তিৰ পাঁচ নং দফা অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে অহা সকলো ব্যক্তিক আমি অসমৰ মাটিত নাগৰিকত্ব দিছোঁ সেয়া মুছলমানেই হওক, হিন্দুৱেই হওক, শিখ, পাৰ্চী, বৌদ্ধ, জৈন যিয়েই নহওক লাগিলে সকলোকে অসম মাতৃয়ে হৃদয়ৰ উম দি অসমৰ মানুহ আৰু নাগৰিক হিচাপে অসমীয়া হিচাপে ঠাই দিছে।
কিন্ত সেই সময়ৰ প্ৰতিগৰাকী মানুহৰ এটাই দাবী আছিল ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশীৰ চিনাক্তকৰণ হ'ব লাগে আৰু তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাগে। লগতে তেওঁলোকক অসমৰ মাটিৰ পৰা প্ৰত্যাৰ্পন কৰিবৰ কাৰণে দিল্লীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-ima-2025-12-10-21-08-55.jpeg)
কিন্ত অতি দুৰ্ভাগ্যজনকভাৱে আমি সকলোৱে জানো এই পৱিত্ৰ ক্ষণত কা বিৰোধী গণ আন্দোলনৰ পাঁচ গৰাকী বীৰ শ্বহীদৰ প্ৰতি সন্মান জনাই ক'ব খুজিছোঁ এইখন চৰকাৰ অহাৰ পিছত বিজেপিয়ে ১৯৭১ চনৰ সলনি ২০২৪ চনলৈকে অবৈধ বিদেশীৰ বোজা অসমৰ মাটিত জাপি দিলে। উল্লেখ্য যে আজিৰ কাৰ্যসূচীত অজাপৰ তৰফৰ পৰা সভাপতি লুৰিণজ্যেতি গগৈয়ে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনায়।
কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত পতাকা উত্তোলন আৰু ১০.৩০ বজাতা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ কাৰ্যসূচীত অজাপৰ কেন্দ্ৰীয় নেতা ৰাজেন গোহাঁই, চিত্তৰঞ্জন বসুমতাৰীৰ লগতে অজাপৰ শোণিতপুৰ জিলাৰ সভাপতি অনিল চন্দ্ৰ ডেকাকে ধৰি বহু নেতাকৰ্মী উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us