ডিজিটেল ডেস্কঃ বিধানসভাৰ মজিয়াত জুবিন গাৰ্গৰ গীতৰ অৰ্থ আৰু লুৰীণজ্যোতি গগৈৰ বিয়াক লৈ হোৱা বিৰ্তকক লৈ এইবাৰ মুখ খুলিলে শিল্পী মানস ৰবীনে। বিধানসভাৰ মূল্যৱান সময় কিছুমান নাপাতিবলগীয়া অনাহক কথাত অপব্যয় কৰাক লৈ সকলোকে তীব্ৰ কটাক্ষ কৰে মানস ৰবীনে।
বিৰোধী, শাসক সকলোকে কটাক্ষ কৰি সামাজিক মাধ্যমত এটা লেখা লিখিছে শিল্পীগৰাকীয়ে। তেওঁ লিখিছে-
দুখৰ মাজতো জমনি এটা হৈছে। সিদিনা জুবিন গাৰ্গৰ ওপৰত বিধানসভাত আলোচনা হ'ল। আলোচনাই জুবিন গাৰ্গৰ মৃত্যু/হত্যা কাণ্ডৰ পৰা গৈ গৈ জুবিন গাৰ্গৰ গান পালেগৈ। "পলিটিক্স নকৰিবা বন্ধু" কাক উদ্দেশ্যি গোৱা হৈছিল, "হুৰ হুৰ হুৰ হুৰাই দে" কাক উদ্দেশ্যি গোৱা হৈছিল পক্ষ বিপক্ষৰ নানান ব্যাখ্যা। হওঁতে বিধানসভাত আমাৰ চাৰিজন গায়ক আছে। এজন ৰমাকান্ত দেউৰী, দ্বিতীয় জন আমাৰ ডিব্ৰগড়ৰ প্ৰশান্ত দা (প্ৰশান্ত ফুকন), তৃতীয়জন আমাৰ যোগেন কাই (যোগেন মহন) আৰু চতুৰ্থ জন
আমাৰ ধনু (ৰূপজ্যোতি কুৰ্মী)। হ'লেও গানৰ ব্যাখ্যা এওঁলোকৰ দ্বাৰা নহ'ব।
কালি বিধান সভাত দেখ দেখকৈ এজন গায়কৰ অভাৱ অনুভব কৰিছো। এনেবোৰ কথা আলোচনা হ'লে আমাকো সুধিব পাৰে বিধানসভাৰ ভিতৰত নাথাকিলেও বাহিৰৰ পৰাই অৰ্থটো ভঙাই দিব পাৰিম। বিধানসভাৰ পবিত্ৰ মজিয়াত দুয়োটা গীতৰ অপব্যাখ্যা শুনি দুখ পাইছোঁ দিয়কচোন।
লুৰীণজ্যোতি গগৈৰ বিয়াক লোৱা চৰ্চাক লৈও একপ্ৰকাৰৰ স্পষ্ট ইংগিত দিলে মানস ৰবীনে। তেওঁ লিখিছে-
বাকী লুৰিনৰ বিয়াখন বিহুৰ আগত নহয় বুলি ময়ে confirm কৰি দিছোঁ। কাৰণ, লুৰিন ব্যস্ত থাকিব Election ত আৰু বিয়াত উপস্থিত থাকিবলগীয়া বহুত গায়ক-গায়িকা ব্যস্ত থাকিব বিহু ফাংচনত। বিয়াখনলৈ সময় আছে। গতিকে তাৰ আলোচনা কৰি বিধানসভাৰ মূল্যবান সময় খৰচ কৰিলে বেয়া দেখি দিয়কচোন। বাকী বিৰোধী সকলক কৈছোঁ, ফিল্ডিং একেবাৰে বেয়া হৈছে। বেটিং কি কৰা নাজানো।