অসমীয়া মানুহ প্ৰতিভাৰ দিশৰ পৰা কৰ্ণাটকেই নহয়, দেশৰ কোনো ৰাজ্যতকৈ পিছপৰা নহয়ঃ লুৰীণজ্যোতি...

অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰাক লৈ কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰই কৰা অসম বিৰোধী মন্তব্যক লৈ সকিয়নী প্ৰদান কৰিলে লুৰীণজ্যোতি গগৈয়ে।  উল্লেখ কৰা

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰাক লৈ কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰই কৰা অসম বিৰোধী মন্তব্যক লৈ সকিয়নী প্ৰদান কৰিলে লুৰীণজ্যোতি গগৈয়ে।  উল্লেখ কৰা প্ৰয়োজন যে,  কৰ্ণাটকৰ গ্ৰামোন্নয়ন মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই মন্তব্য কৰিছিল যে, অসমত কোনো প্ৰতিভা নাই, তথাপিও তাত কিয় স্থাপন কৰা হৈছে ছেমিকণ্ডাক্টৰ উদ্যোগ?

অসম বিৰোধী এই মন্তব্যৰ পাছতে খাৰ্গেক সকিয়নী প্ৰদান কৰিলে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। তেওঁ কয় যে, অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ প্ৰসংগত কৰ্ণাটকৰ গ্ৰামোন্নয়ন মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই অসমৰ যুৱ প্ৰজন্মৰ প্ৰতিভাক উপহাস কৰি প্ৰদান কৰা বক্তব্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ৷ প্ৰিয়াংক খাৰ্গেৰ বক্তব্যটো গৰিহণাযোগ্য৷ অসমীয়া মানুহ প্ৰতিভাৰ দিশৰ পৰা কৰ্ণাটকেই কিয় দেশৰ কোনো ৰাজ্যতকৈ পিছপৰা নহয় এই কথা প্ৰিয়াংক খাৰ্গেই জনা উচিত।

তেওঁ লগতে কয়-  বেংগালুৰুৰ তথ্য প্ৰযুক্তি উদ্যোগত অসংখ্য অসমীয়া সন্তানে সেৱা আগবঢ়াই সেই ৰাজ্যৰ তথ্য প্ৰযুক্তি উদ্যোগক সমৃদ্ধ কৰিছে। কেৱল ভাৰতেই নহয়, বিশ্বৰ বিভিন্ন দেশৰ তথ্য প্ৰযুক্তি ক্ষেত্ৰত অসংখ্য অসম সন্তানে সেৱা আগবঢ়াই আছে। গতিকে অসমৰ প্ৰতিভাক অৱমূল্যায়নৰ দৰে ধৃষ্টতা প্ৰদৰ্শন নকৰিবলৈ কৰ্ণাটকৰ মন্ত্ৰীজনক আমি সকীয়াই দিছোঁ।

লুৰীণজ্যোতি গগৈ