প্ৰধানমন্ত্ৰী মোডীয়ে এবাৰো  জুবিন গাৰ্গৰ নাম উচ্চাৰণ নকৰাত ধিক্কাৰ অসম জাতীয় পৰিষদৰ

এক বিবৃতিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে- ‘‘জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম অসম ভ্ৰমণ আছিল ৷ কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ অসমৰ বাবে গৌৰৱৰ নহয়, বৰঞ্চ গভীৰ লাজ আৰু বেদনাৰ কাৰণ হৈ ৰ’ল।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-21 at 8.52.32 PM

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অসম ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এবাৰলৈও জুবিন গাৰ্গৰ নাম উচ্চাৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ এক বিবৃতিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে- ‘‘জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এয়া প্ৰথম অসম ভ্ৰমণ আছিল ৷ কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ অসমৰ বাবে গৌৰৱৰ নহয়, বৰঞ্চ গভীৰ লাজ আৰু বেদনাৰ কাৰণ হৈ ৰ’ল। কোটি কোটি অসমীয়াৰ  হৃদস্পন্দন, জাতিৰ মহানায়ক, জাতীয় স্বাভিমান জুবিন গাৰ্গৰ নামটো প্ৰধানমন্ত্ৰীৰ মুখত এবাৰলৈও শুনা নগ’ল। জুবিন গাৰ্গৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ নাছিল কোনো শ্ৰদ্ধাঞ্জলি, নাছিল কোনো স্মৰণ, নাছিল কোনো মানৱীয় আনুভূতিক প্ৰকাশ। এয়া কেৱল উপেক্ষাই নহয়— এয়া অসমৰ স্বাভিমানৰ প্ৰতি স্পষ্ট অৱমাননা।’’

1195f3c2-af77-4ce3-91a2-9107a3e2f973

উল্লেখ্য যে, লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই লগতে কয়, জুবিন গাৰ্গ কেৱল এগৰাকী মহান শিল্পীয়েই নাছিল— তেখেত আছিল অসমৰ স্বাভিমান, ভাষা-সংস্কৃতি আৰু শক্তিশালী জীৱন দৰ্শনৰ যুগ-প্ৰতিনিধি৷ ৰাজনৈতিক মতাদৰ্শৰ ঊৰ্ধ্বত থকা এনে এক জনপ্ৰিয়, জনতাৰ হৃদয়ত বাস কৰা মহানায়কৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ চৰম উপেক্ষাই অসমৰ অনুভূতিক আঘাত কৰিছে।

9ebfbe64-849e-474a-867e-35888639a0d4

আমি প্ৰধানমন্ত্ৰীগৰাকীক ধিক্কাৰ দিছোঁ ৷ জুবিনৰ ন্যায়ৰ বাবে ৯৫ দিনধৰি জাতিটো সাৰে আছে৷ এনে সময়ত জুবিন গাৰ্গৰ প্ৰতি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অৱহেলামূলক দৃষ্টিভংগী গৰিহণাযোগ্য৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত আমাৰ প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিব বুলি আন্তৰিকতাৰে আশা কৰিছিলোঁ৷ কিন্তু নকৰিলে৷ জুবিন গাৰ্গ জ্বলন্ত জুই, চল-বল-কৌশলেৰে যিমানে সেই মহান ব্যক্তিত্বক নিষ্প্ৰভ কৰিবলৈ চাব সিমানেই বেছিকৈ উজলি উঠিব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লুৰীণজ্যোতি গগৈ অসম জাতীয় পৰিষদ