দিলীপ শইকীয়াৰ মাইণ্ডচেট আটাইতকৈ ভয়াৱহঃ লুৰিণজ্যোতি গগৈ

দিলীপ শইকীয়াই তিনি গগৈৰ মাইণ্ডচেট অসমবাসীৰ বাবে ভয়াবহ বুলি কৰা মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

author-image
Asomiya Pratidin
New Update
yurt6t354wsgui

ডিজিটেল সংবাদ, কাজিৰঙাঃ দিলীপ শইকীয়াই তিনি গগৈৰ মাইণ্ডচেট অসমবাসীৰ বাবে ভয়াবহ বুলি কৰা মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰে যে, অসমবাসী ৰাইজে ভাবে দিলীপ শইকীয়াৰ যি মাইণ্ডচেট সেইটো আটাইতকৈ ভয়াবহ‌। অসমৰ সমন্বয়, উন্নয়ন, সম্প্ৰীতিৰ পৰিবেশ অন্তত্য ভয়াবহ হৈ পৰিছে।তেওঁলোকৰ কাম কাজ অসমৰ ভবিষ্যতৰ বাবে অতি ভয়াবহ এইয়া ৰাইজে উপলব্ধি কৰিছে বুলি উল্লেখ কৰে অজাপৰ সভাপতি গৰাকীয়ে। 

ইফালে, তিনি গগৈৰ মিঞা-প্ৰীতি সম্পৰ্কত লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিদেশীৰ বোজা দিলীপ শইকীয়া, সোণোৱালেহে জাপি দিছে। ৬ নং দফা কাৰ্যকৰী কৰিব নোৱাৰিলে তাৰ বাবে দিলীপ শইকীয়াই উত্তৰ দিয়ক। কংগ্ৰেছ আৰু বাওপন্থীৰ সৈতে আদৰ্শ আৰু দৰ্শনৰ মিল নাই যদিও দেশৰ সংটকৰ সময়ত ভোট বিভাজন ৰোধ কৰিবলৈ সকলো একত্ৰিত হৈছো‌‌। বিজেপিয়ে চৰকাৰী পইচা লৈ ইলেকচন কেম্পেইনিং কৰিছে‌। অগপৰ সৈতে বিজেপিৰ আসনৰ বুজাবুজি হোৱা নাই কিন্তু তাক লৈ কোনেও প্ৰশ্ন কৰা নাই‌।

আনহাতে, জালুকবাৰীৰ এজন বিজেপি নেতাই সুৰক্ষাৰ বাবে ঘৰে ঘৰে অস্ত্ৰ দিব লাগে বুলি কৰা বিতৰ্কিত মন্তব্য সম্পৰ্কত তেওঁ কয়, বিজেপিয়ে কৰিলে সাত খুন মাফ কিন্তু বেলেগে কৰিলে NIA লগাই জেললৈ পঠিয়ায়। এতিয়ালৈ তেওঁক কিয় কৰায়ত্ত কৰা নাই বুলি প্ৰশ্ন কৰে লুৰিণজ্যোতি গগৈয়ে‌।

উল্লেখ্যে যে, কাজিৰঙাৰ কহঁৰাত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি অসমৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি এই মন্তব্য কৰে জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে । ২৬ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে এই কাৰ্যনিৰ্বাহক সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়।      

লুৰিণজ্যোতি গগৈ