আপোনাৰ কি ৰাশি? এইবাৰৰ চন্দ্ৰগ্ৰহণত মেষ, ধনুৰ লগতে এই চাৰিটা ৰাশিৰ কপাঁল ফুলিব...

৭ছেপ্টেম্বৰত বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ।  এই গ্ৰহণ শনিৰ ৰাশি কুম্ভ আৰু পূৰ্বভদ্ৰপদ নক্ষত্ৰত হ’বলৈ গৈ আছে। নিশা ৯:৫৭ বজাৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ আৰু এই গ্ৰহণৰ সময়সীমা হ’ব প্ৰায় ৩ ঘন্টা ৩০ মিনিট। বৈদিক

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ ৭ছেপ্টেম্বৰত বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ।  এই গ্ৰহণ শনিৰ ৰাশি কুম্ভ আৰু পূৰ্বভদ্ৰপদ নক্ষত্ৰত হ’বলৈ গৈ আছে। নিশা ৯:৫৭ বজাৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ আৰু এই গ্ৰহণৰ সময়সীমা হ’ব প্ৰায় ৩ ঘন্টা ৩০ মিনিট। বৈদিক জ্যোতিষৰ মতে এইবাৰ প্ৰায় ১০০ বছৰৰ পাছত এনে এক বিশেষ কাকতালীয় ঘটনা ঘটিছে, যেতিয়া পিতৃ পক্ষৰ সময়ত চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ দুয়োটা একেলগে পৰিব। 

এই চন্দ্ৰগ্ৰহণত  মেষ ৰাশিৰ লোকৰ বাবে শুভ হ’বলৈ গৈ আছে। ২০২৫ চনৰ শেষৰটো চন্দ্ৰগ্ৰহণে মেষ ৰাশিৰ লোকৰ জীৱনত এক নতুন মাত্ৰা যোগ কৰিব আৰু আপোনাৰ দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ হ’ব। এই সূৰ্যগ্ৰহণৰ প্ৰভাৱত আৰ্থিক অৱস্থা সুদৃঢ় হ’ব আৰু আয়ৰ নতুন বাট মুকলি হ’ব।

চন্দ্ৰগ্ৰহণে ধনু ৰাশিৰ লোকৰ কেৰিয়াৰক নতুন পথত লৈ যাব আৰু কাৰ্যালয়ত আপুনি আধিপত্য বিস্তাৰ কৰিব। ব্যৱসায়ত আপোনাৰ পৰিকল্পনা সফল হ’ব। অবিবাহিত মানুহে ভাল বিবাহৰ প্ৰস্তাৱ পাব পাৰে। ধনু ৰাশিৰ লোকে তেওঁলোকৰ চাকৰি আৰু ব্যৱসায়ত বহুত উন্নতি দেখিব।

মীন ৰাশিৰ লোকে যদি কৰ্মসংস্থাপন বিচাৰিছে তেন্তে আপুনি শুভ সুযোগ পাব আৰু যিসকলে ইতিমধ্যে এটা কাম কৰি আছে তেওঁলোকৰ কাৰ্যালয়ত সকলোৰে লগত ভাল সম্পৰ্ক থাকিব। আনহাতে, নিজৰ ব্যৱসায় কৰাসকলে ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে, যাৰ ফলত আপোনাৰ ভাল লাভ হ’ব আৰু ধন লাভৰ উপায়ো সৃষ্টি হ’ব।

মিথুন ৰাশিৰ সকলে ব্যৱসায়ত আপোনাৰ পৰিকল্পনা সফল হ’ব। অবিবাহিত মানুহে ভাল বিবাহৰ প্ৰস্তাৱ পাব পাৰে। সমাজত সন্মান বাঢ়িব আৰু এই ৰাশিৰ লোকসকলে ধৰ্মীয় কৰ্মৰ জৰিয়তে ৰাইজৰ হৃদয় জয় কৰাত সফল হ’ব।

ৰাশিফল