/asomiyapratidin/media/media_files/2026/02/13/ne-2026-02-13-16-08-26.jpeg)
ডিজিটেল ডেস্কঃ লামডিঙত চোৰৰ সন্ত্ৰাস। এইবাৰ চৰকাৰী বিদ্যালয়ত চোৰৰ শেন চকু। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা সময়ছোৱাতে লামডিঙত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা ।১৫ টাকৈ আলমাৰি ভাঙি চোৰে চলালে চাফাই অভিযান।
/asomiyapratidin/media/post_attachments/8863da14-562.png)
উল্লেখ যে, লামডিং মহাবিদ্যালয় তথা ন্যাশনাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় উচ্চ মাধ্যমিক পৰীক্ষা। শুক্রবাৰে পুৱা ভাগত বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষকসকলৰ হতভম্ব হৈ পৰে। বিদ্যালয়ৰ আলমাৰি ভাঙি পেলুৱাৰ লগতে চোৰে প্ৰয়োজনীয় নথি পত্ৰ চুৰি কৰি নিয়ে। কেৱল এইয়াই নহয় বিদ্যালয়ৰ চি চি টিভি কেমেৰাত বন্দি হয় চুৰিকাণ্ডৰ দৃশ্য। এই ঘটনাৰ পাছতে তাৎক্ষণিক ভাবে লামডিঙ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/2b915e2d-58f.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us