মাতৃৰ হত্যাৰ ন্যায় বিচাৰি লামডিং থানাত দুই দুৰ্ভগীয়া কন্যা

বিগত ২৪ জানুৱাৰীৰ পুৱাৰ ভাগত লামডিং গার্লচ স্কুলৰ প্রাঙ্গণত থকা আৱর্জনাৰ মাজত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
grgrfgfr

ডিজিটেল সংবাদ, লামডিংঃ বিগত ২৪ জানুৱাৰীৰ পুৱাৰ ভাগত লামডিং গার্লচ স্কুলৰ প্রাঙ্গণত থকা আৱর্জনাৰ মাজত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। এই মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

সেই অঞ্চলটোৰে বাসিন্দা ৫৬ বছৰৰ জয়ীতা চক্রবর্তী ওৰফে পম্পাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই পৰিয়াল তথা আত্মীয়ই হত্যাৰ অভিযোগ উত্থাপন কৰিছিল। সেইদিনা ঘটনাস্থলীত তাৎক্ষণিক ভাৱে লামডিং আৰক্ষী, লামডিং সম-জিলাৰ ডিএচপি তথা কার্যকাৰী দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ পুঙ্খানুপুঙ্খ তদন্ত আৰম্ভ কৰিছিল। আনহাতে, ঘটনাৰ পাছতে জয়ীতাৰ কন্যা প্রিয়াঙ্কা মুখার্জীয়ে‍ লামডিং থানাত এখন লিখিত অভিযোগ দাখিল কৰি লামডিং PS কেছ নং ১৭/২৬ u/s ১০৩(১) ভাৰতীয় ন্যায় সংহিতা অধীনত গোচৰ ৰুজু  কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্তত প্ৰক্ৰিয়া। 

কিন্তু মৃত্যুৰ ১৭ দিন অতিক্রম কৰাৰ পিছতো আজি পৰ্যন্ত কিয় আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল সেই বিষয়ে জানিবলৈ লামডিং থানাত উপস্থিত হয়হি মাতৃ হাৰা দুই কন্যা। যদিও ইতিমধ্যে আৰক্ষীয়ে জয়ীতা চক্রবর্তীৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকক সোধ-পোছ কৰে, কিন্তু এই পর্যন্ত এই ঘটনা সৈতে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

স্বাভাৱিকতে স্মার্ট পুলিচৰ তদন্ত প্রক্রিয়াত এতিয়া সাধাৰণ মানুহৰ নিৰাপত্তা লৈ প্রশ্ন উত্থাপন হৈছে। পিতৃ-মাতৃহাৰা এই পৰিয়ালটোৱে হত্যাৰ বিচাৰ পাবে নে অপৰাধীয়ে মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰিব, ইয়াকে লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। 

লামডিং