মুখ্যমন্ত্ৰীৰ ওপজা দিনত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ বিশেষ পদক্ষেপ গ্ৰহণ...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনৰ লগত সংগতি ৰাখি লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই বিভিন্ন ধৰণৰ কাৰ্য্যসূচী হাতত লোৱা পৰিলক্ষিত হয়। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনৰ লগত সংগতি ৰাখি লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই বিভিন্ন ধৰণৰ কাৰ্য্যসূচী হাতত লোৱা পৰিলক্ষিত হয়।  লামডিংৰ বিধায়কগৰাকীয়ে  লামডিং অসামৰিক চিকিৎসালয় , লামডিং ৰে'লৱে চিকিৎসালয়, ৰে'লৱে ষ্টেচনৰ সম্মুখত ৰোগী সকলৰ লগত মত বিনিময় কৰাৰ লগতে ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰে। লগতে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীৰ দীৰ্ঘায়ুকামনা কৰে ৷

উল্লেখ্য যে, অসমৰ জনপ্ৰিয়, সুদক্ষ আৰু কৰ্মযোগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ  ওপজা দিনৰ শুভেচ্ছা  জ্ঞাপন কৰে সকলোৱে ৷ অক্লান্ত পৰিশ্ৰম, দূৰদৰ্শী নীতি, জনদৰদী পদক্ষেপেৰে জনতাৰ হৃদয় জয় কৰাৰ লগতে অসমৰ অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত তেখেতে অহোপুৰুষাৰ্থ কৰি আহিছে। উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰাখি তেখেতে যাতে অসমক সমৃদ্ধিৰ শিখৰত উপনীত কৰিব পাৰে, তাৰ বাবে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা জনাইছে জনতাই। 

লামডিং