লামডিঙত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত পূব লামডিং আৰু পশ্চিম লামডিং পঞ্চায়তত একে সময়তে দুটা স্থানত প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ বহু প্ৰচাৰিত জল জীৱন মিছন আঁচনিৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি লামডিঙত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। “নলত নাই পানী, জল জীৱন মিছনৰ মানি সোমাল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পকেটত”এই তীব্ৰ শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে  আকাশ-বতাহ কপাই তোলে।

হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত পূব লামডিং আৰু পশ্চিম লামডিং পঞ্চায়তত একে সময়তে দুটা স্থানত প্ৰতিবাদ সাব্যস্ত কৰে।বিশেষকৈ পূব লামডিং পঞ্চায়তৰ ২ নং ৱাৰ্ডত অৱস্থিত জল জীৱন মিছনৰ পানী যোগান আঁচনিখনৰ স্থানত প্ৰতিবাদকাৰীসকলে উপস্থিত হৈ জঙ্গল কাটি প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় ৰাইজৰ অভিযোগ যে বছৰ বছৰ ধৰি আঁচনিৰ নামত ধন খৰচ দেখুওৱা হৈছে যদিও আজিলৈকে নলত পানীৰ নাম-নিছান নাই। প্ৰতিবাদস্থলীত উপস্থিত হৈ লামডিঙৰ প্ৰাক্তন বিধায়ক স্বপন কৰে চৰকাৰক কঠোৰ ভাষাত আক্ৰমণ কৰি কয়— “জল জীৱন মিছন ৰাইজক পানী দিবলৈ আছিল, কিন্তু এই আঁচনি মন্ত্ৰী আৰু ঠিকাদাৰৰ ধন লুটৰ যন্ত্ৰত পৰিণত হৈছে। ৰাইজে নল পালে, পানী নাপালে এইটোৱেই আজিৰ বাস্তৱতা”।

প্ৰতিবাদত হোজাই জিলা কংগ্ৰেছ কমিটীৰ সভাপতি জিলি চৌধুৰীসহ বহু কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে। জিলি চৌধুৰীয়ে কয়, জল জীৱন আঁচনিৰ নামত কোটি কোটি টকা আত্মসাত কৰা হৈছে। এই দুৰ্নীতিত জড়িত দায়িত্বশীল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তৎক্ষণাৎ পদত্যাগ কৰিব লাগে। নহ’লে কংগ্ৰেছ দলে আন্দোলন অধিক তীব্ৰ কৰি তুলিব। 

উল্লেখযোগ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰব গগৈৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি জল জীৱন মিছন ক লৈ কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তাৰেই অংশ হিচাপে আজি লামডিঙতো এই উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়িত হয়।প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে যে, ৰাইজৰ মৌলিক অধিকাৰ পানীৰ সৈতে হোৱা এই বিশ্বাসঘাত বন্ধ নহ’লে কংগ্ৰেছ দলে আগন্তুক দিনত বৃহত্তৰ গণ আন্দোলনৰ পথ ল’ব।

লামডিং