/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-25-14-45-06.jpeg)
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ লৌহ মানৱ শ্ৰদ্ধাৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে হোজাই জিলা প্ৰশাসন আৰু ক্রীড়া ও যুৱ কল্যাণ বিভাগ হোজাইৰ সহযোগত আজি দিনৰ ১১.০০ বজাৰ পৰা লামডিঙৰ শ্বহীদ ময়দানত বিভিন্ন কাৰ্যসূচীৰে এক ভাৰত আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক পদযাত্ৰাৰ আয়োজন কৰা হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/image-2025-11-25-14-46-53.png)
উল্লেখ্য যে এই পদযাত্ৰা শ্বহীদ ময়দানৰ পৰা আৰম্ভ কৰি লামডিং বজাৰ হৈ শ্বহীদ ময়দানত অন্ত পৰে। ইপিনে আৰম্ভণিতে লামডিং সম জিলাৰ আয়ুক্ত আৰু লংকা লামডিং দুয়োখন পৌৰসভাৰ সভানেত্ৰীয়ে বৃক্ষ ৰোপণ কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আৰম্ভণি কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/image-1-2025-11-25-14-47-07.png)
তাৰোপৰি স্থানীয় ৰাইজৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু আৰক্ষী জোৱানসকল অনুষ্ঠানত উপস্থিত থাকে। এই পদযাত্ৰাত অংশ গ্ৰহণ কৰে লামডিং সম জিলাৰ আয়ুক্ত চন্দন বৰগোহাঁই,কাৰ্য্যবাহী দণ্ডাধীশ মুকিবুল আলি,CDSP প্লাবি নাথ,লামডিং আৰু লংকাৰ দুয়োখন পৌৰসভাৰ সভানেত্ৰীৰ লগতে বিভিন্ন দল সংগঠনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/image-2025-11-25-14-47-49.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us