New Update
/asomiyapratidin/media/media_files/2025/09/29/uuuujj-2025-09-29-11-03-03.jpg)
- লামডিং ৰেলৱে জংচনত পুনৰ অবৈধ বাৰ্মিজ চুপাৰি জব্দ ৷
- আৰক্ষী তথা প্ৰশাসন অবৈধ সৰবৰাহী বিৰুদ্ধে যিমানে সষ্টম হৈছে যদিও সৰৱৰাহকাৰীয়েও কিন্তু অবৈধ সামগ্ৰী সৰৱৰাহত থমকি ৰোৱা নাই ৷
- প্ৰতিদিনেই একাংশ মাফিয়াই নিত্য নতুন কৌশলেৰে ডিমাপুৰৰ পৰা বহি:ৰাজ্যলৈ আৰু দুগুণ উৎসাহেৰ নিষিদ্ধ সামগ্ৰী সৰৱৰাহ কৰিয়ে আছে ৷
- লামডিং RPF এ ৰেলৱে জংচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰিছে ৷
- ডিমাপুৰৰ পৰা দিল্লীলৈ ৰেলৱেৰ পাৰ্চেলযোগে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী সৰৱৰাহৰ চেষ্টা চলাইছিল ৷
- ১৫৯০৯ নম্বৰৰ নামনিমুৱা ডিব্ৰুগড়-লালগড় অৱধ আসাম এস্কপ্ৰেছ ৰেলৰ পাৰ্চেল ডবাত বহি:ৰাজ্যৰ ৰাহুল কুমাৰে দিল্লীৰ দিনেশলৈ বুলি বুকিং কৰিছিল ৷
- RPF এ এই ৰেলখনৰ পৰা ১১ টা বস্তাত মুঠ ৮ কুইন্টল ৮৮ কেজি অবৈধ বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷
- এতিয়া প্ৰশ্ন হয় যে ৰেল বিভাগে তথা ৰেল আৰক্ষীয়ে সৰৱৰাহকাৰীৰ নাম ঠিকনা থকাৰ পিছতো তেওঁ লোকক আটক কৰি সোধাপোছা কৰিবলৈ সক্ষম হ'ব নে নহয়।