লামডিঙত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত নেচনেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-02 at 8.38.00 PM

 ডিজিটেল সংবাদ,লামডিংঃ  আজি ৰাজ্যৰ বিভিন্ন ৬১ খন বিদ্যালয়ৰ লগতে লামডিঙতো বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণ তথা অত্যাধুনিক সা-সুবিধা প্ৰদানৰ লক্ষ্যৰ অংশস্বৰূপে লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত নেচনেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । গ্ৰামীণ আন্তঃগাঁথনি উন্নীতকৰণ আঁচনিৰ অধীনত গ্ৰহণ কৰা এই প্ৰকল্পই উন্নত শিক্ষাৰ বাবে ভেটি সুদৃঢ় কৰি বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক মানদণ্ড উন্নীত কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি দৃঢ় বিশ্বাসী মন্ত্ৰীগৰাকী। 

এক প্ৰকাৰে লামডিং সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাই ৷ আগন্তুক অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনক লৈ বিয়লি বিজেপিয়ে লামডিঙত এক বিশাল বাইক ৰেলী শক্তি প্ৰদৰ্শণ কৰে বিধায়ক শিবু মিশ্ৰই ৷ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই এই বাইক ৰেলীৰ নেতৃত্ব দিয়ে ৷ ৰেলীত পাচঁ শতাধিক মটৰ চাইকেল আৰোহীয়ে মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় ৷ লগতে লামডিঙৰ ইটাভটা চাৰিআলিৰ পৰা এই বাইক ৰেলী আৰম্ভ কৰাৰ পাছত নেচনেল স্কুলৰ খেল পথাৰত আহি এই বাইক ৰেলী সমাপ্ত কৰে। তাৰে পাছত নেচনেল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ আধুনিক শ্ৰেণী কোঠাৰ শিলান্যাস স্থাপন কৰে। মন্ত্ৰী গৰাকীয়ে শ শ ৰাইজৰ উপস্থিতিত মুকলি সভাতো অংশগ্ৰহণ কৰে ৷ 

উল্লেখ্য যে, বিজেপি চৰকাৰৰ কাম কাজ আৰু উন্নয়নৰ খতিয়ান দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে বিজেপিক ভোট দিবলৈ অনুৰোধ কৰে ৷ আনফালে সভাত গৌৰৱ গগৈক কৰ্তক্ষ্য কৰি কয় যে,গৌৰৱ গগৈৰ পুত্ৰ ভাৰতৰ এগৰাকী নাগৰিক হয় কিন্তু ভাৰতৰ নাগৰিক হোৱাৰ সত্ত্বেও ব্ৰিটিছৰ নাগৰিকত্ব কেনেকৈ লাভ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে । যি জন ব্যক্তিৰ ঘৰৰ তিনিজনেই মানুহে বিদেশী,  ভাৰতৰ লগত কোন সমন্ধ নাই আৱেগ নাই তেনেকুৱা ব্যক্তিসকলে কেনেকৈ অসম চলাব পাৰিব এয়া চিন্তনীয় বিষয় বুলি মন্তব্য প্ৰদান কৰে । 

আনফালে অহা ৮ ফেব্ৰুৱাৰীত গৌৰব গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ খোলাৰ ইংগিত দিয়াও পৰিলক্ষিত হৈছে । ইয়াৰোপৰি বিজেপী চৰকাৰ থকালৈকে অসমত বেদখলকাৰীৰ উচ্ছেদ  চলিব। অসমত শান্তিপূৰ্ণ ভাৱে বেদখলকাৰীক থাকিবলৈ নিদিয়ে বিজেপী চৰকাৰে।কোনো লোকে বাংলাদেশৰ পৰা আহি আমাৰ ভূমি দখল কৰিব নোৱাৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। যিয়ে কৰিব তাহাঁতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব বুলিও সকীয়নি দিয়ে। আনফালে মন্ত্ৰী পীযুষ হাজৰিকাই  বিৰোধী ঐক্যক লৈ মন্তব্য কৰি কয় যে- তেওঁলোকে নিজৰ ভিতৰতে ব্লেক মেলিংৰ ৰাজনীতি কৰি আহিছে।

লামডিং পিয়ুষ হাজৰিকা