/asomiyapratidin/media/media_files/2026/01/24/lumdingggg-2026-01-24-18-37-11.jpg)
ডিজিটেল সংবাদ, লামডিং: ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকীক ডিঙি কাটি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে লামডিঙত।
এই হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ লামডিং চহৰ৷ লামডিং পৌৰসভাৰ অন্তৰ্গত সুভাসপল্লীত সংঘটিত হৈছে ঘটনা৷ সুভাষপল্লীস্থিত গাৰ্লছ স্কুলৰ চৌহদত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰকলৈ সৃষ্টি হয় চাঞ্চল্যৰ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দুৰ্বৃত্তই চোকা অস্ত্ৰৰে মহিলাগৰাকীৰ ডিঙি কাটি হত্যা কৰে। জানিব পৰা মতে, মৃত মহিলাগৰাকী উক্ত অঞ্চলটোৰে নিবাসী জয়ীতা চক্ৰৱৰ্তী৷ ইফালে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us