লামডিং মহাবিদ্যালয়ত শিক্ষাৰ্থী আৰু অধ্যক্ষৰ মাজত কুৰুক্ষেত্ৰৰ ৰণ...

প্ৰতিবাদত লামডিং অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু লামডিং কলেজ ইউনিয়নে অংশ লয়।ক্ষেভিত ছাত্ৰ ছাত্ৰী সকলে অধ্যক্ষা ড০ অনুৰাধা চৌধুৰীক শীঘ্ৰে বদলি কৰাৰ হুংকাৰ দিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,লামডিংঃ  লামডিং মহাবিদ্যালয়ত বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহাবিদ্যালয় খনৰ অধ্যক্ষা গৰাকীয়ে মহাবিদ্যায়খনৰ প্ৰতি কৰা গাফিলতি কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত  কৰে শিক্ষাৰ্থী সকলে।

এই প্ৰতিবাদত লামডিং অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু লামডিং কলেজ ইউনিয়নে অংশ লয়।ক্ষেভিত ছাত্ৰ ছাত্ৰী সকলে অধ্যক্ষা ড০ অনুৰাধা চৌধুৰীক শীঘ্ৰে বদলি কৰাৰ হুংকাৰ দিয়ে। ইয়াৰ মাজতে শিক্ষাৰ্থী আৰু অধ্যক্ষৰ মাজত বিবাদৰ সৃষ্টি হয়।

উল্লেখ্য যে, বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে লামডিং মহাবিদ্যালয়। পানী সমস্যা,শ্ৰেণীকোঠাৰ দুৰৱস্থাকে ধৰি পৰীক্ষা ফলাফলো শোচনীয় হৈ মহাবিদ্যায়খনৰ। এই অসুবিধাৰ বিষয়ে অধ্যক্ষা গৰাকীক বহুবাৰ অবগত কৰা স্বত্বেও তেওঁ গুৰুত্ব নিদি আওকাণ কৰা অভিযোগ উত্থাুন কৰিছে প্ৰতিবাদকাৰী ছাত্ৰসকলে। 

আজি মহাবিদ্যায়খনত সৃষ্টি হোৱা এক অভাৱনীয় পৰিস্থিতিৰ বাবে ঘটনাস্থলিত লামডিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা সন্দৰ্ভত অধ্যক্ষা গৰাকীয়ে লামডিং থানাত গোচৰ ৰুজু কৰিছে।

লামডিং