হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কোনোমতে বাচিল এগৰাকী উপ মুখ্যমন্ত্ৰী...

হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কোনোমতে বাচিল এগৰাকী উপ মুখ্যমন্ত্ৰী। শনিবাৰে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য কথামপি ৰক্ষা কৰে এক ডাঙৰ দুৰ্ঘটনাৰ পৰা। শনিবাৰে তেওঁৰ

author-image
Asomiya Pratidin
New Update
jdjdj

ডিজিটেল ডেস্কঃ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কোনোমতে বাচিল এগৰাকী উপ মুখ্যমন্ত্ৰী। শনিবাৰে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য কথামপি ৰক্ষা কৰে এক ডাঙৰ দুৰ্ঘটনাৰ পৰা। শনিবাৰে তেওঁৰ হেলিকপ্টাৰখনে উৰণৰ সময়ত হঠাতে কাৰিকৰী বিসংগতিৰ সৃষ্টি কৰি লক্ষ্ণৌৰ আমাউছি বিমানবন্দৰত (চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ) জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়।

সৌভাগ্যক্ৰমে উপ-মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণ নিৰাপদ। এই ঘটনাৰ পাছতে তেওঁ অন্য এখন হেলিকপ্টাৰেৰ  কৌশাম্বীলৈ ৰাওনা হয়।  খবৰ অনুসৰি আজি লক্ষ্ণৌৰ লা মাৰ্টিনিয়েৰ কলেজ খেলপথাৰৰ পৰা কৌশম্বী অভিমুখে ৰাওনা হয় উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য। হেলিকপ্টাৰখনে মাত্ৰ উৰা মাৰিছিল যেতিয়া হঠাতে কাৰিকৰী সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। দ্ৰুতগতিত ধোঁৱাই হেলিকপ্টাৰখন ভৰিবলৈ ধৰিলে, যাৰ ফলত আতংকৰ সৃষ্টি হয়।

বিপদ অনুভৱ কৰি পাইলটে লগে লগে এ টি চিৰ সৈতে যোগাযোগ কৰি হেলিকপ্টাৰখন ওচৰৰ লক্ষ্ণৌ বিমানবন্দৰলৈ ডাইভাৰ্ট কৰে। পাইলটৰ সজাগতাৰ বাবে হেলিকপ্টাৰখন নিৰাপদে অৱতৰণ কৰে। দলটোৱে হেলিকপ্টাৰখন কিয় ধোঁৱাৰে ভৰি পৰিল আৰু বিজুতিৰ অন্তৰ্নিহিত কাৰণ কি তাক তদন্ত কৰি আছে।
হেলিকপ্টাৰ দুৰ্ঘটনা