প্ৰথমে হত্যা,তাৰ পাছত মৃতদেহ টুকুৰা টুকুৰ কৰি ভৰাই থ’লে নীলা ড্ৰামত

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পিছে এই ঘটনাৰ বিৱৰণী শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব।

author-image
Asomiya Pratidin
New Update
2

 ডিজিটেল ডেস্কঃ পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পিছে এই ঘটনাৰ বিৱৰণী শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। লক্ষ্ণৌত ১৯ বছৰীয়া এজন যুৱকে পিতৃক হত্যা কৰি ভৰাই থ’লে ড্ৰামত। সিমানেই নহয় হত্যাকাণ্ডৰ পাছত পিতৃৰ মৃতদেহ টুকুৰা টুকুৰ কৰি ঘৰৰ ভিতৰত লুকুৱাই থৈছিল পুত্ৰই। 

WhatsApp Image 2026-02-25 at 1.04.53 PM

উল্লেখ্য যে, আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে,  ২০ ফেব্ৰুৱাৰীৰ পৰা ৪৯ বছৰীয়া ব্যৱসায়ী মানৱেন্দ্ৰ প্ৰতাপ সিং নিৰুদ্দেশ হৈ আছিল। বহু বিচাৰ খোচাৰ কৰিও যেতিয়া মানবেন্দ্ৰৰ সন্ধান পোৱা নগ’ল তেতিয়া আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হয়। ইপিনে এজাহাৰ দাখিলৰ পাছতে আৰক্ষীয়ে ঘৰৰ ভিতৰত ৰখা এটা ড্ৰাম পৰা মানবেন্দ্ৰৰ উৱলি যোৱা মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰে।

আনফালে হত্যাকাৰী পুত্ৰই সকলো কথা আৰক্ষীৰ আগত বিৱৰী কৈছে। আৰক্ষীক উল্লেখ কৰা মতে, ২০ ফেব্ৰুৱাৰীত ব্যৱসায়ী মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু তেওঁৰ পুত্ৰ মাজত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছু তৰ্কাতৰ্কি হৈছিল। সেই তৰ্কাতৰ্কিয়ে অৱশেষত কাজিয়ালৈ পৰিণত হয়। কাজিয়াৰ অন্তত পিতৃক গুলীয়াই হত্যা কৰিছিল পুত্ৰই।

ইমানেই নহয় হত্যাকাৰী পুত্ৰই আৰক্ষীৰ আগত অৱগত কৰা মতে, গুলীচালনাৰ পাছত অক্ষতে মৃতদেহটো ঘৰৰ তৃতীয় মহলাৰ পৰা তলৰ মহলাৰ তলৰ এটা কোঠালৈ লৈ আহিছল। ইয়াৰ পাছত তেওঁ সকলো প্ৰমাণ লুকুৱাবলৈ চেষ্টা কৰিছিল। অৱশেষত পিতৃৰ মৃতদেহ টুকুৰা টুকুৰ কৰি পেলাইছিল। জানিব পৰা মতে, শৰীৰৰ কিছু অংশ সদৰৌনা গাঁৱৰ সমীপত পেলাই দিয়াৰ বিপৰীতে বাকীখিনি ঘৰৰ এটা ড্ৰামৰ ভিতৰত ৰাখিছিল। তালাচীৰ সময়ত বিষয়াসকলে ঘৰটোৰ তলৰ মহলাৰ পৰা কেইবাটাও অৱশিষ্ট উদ্ধাৰ কৰে।

লক্ষ্ণৌ