পুনৰ বৃদ্ধি পালে এলপিজি চিলিণ্ডাৰৰ মূল্য

নতুন সিদ্ধান্ত অনুসৰি ঘৰুৱা ব্যৱহাৰৰ এলপিজি চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১১৫ টকাকৈ বৃদ্ধি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
grefsdsadsada

ডিজিটেল ডেস্কঃ দেশজুৰি পুনৰ বৃদ্ধি কৰা হৈছে এলপিজি চিলিণ্ডাৰৰ মূল্য। নতুন সিদ্ধান্ত অনুসৰি ঘৰুৱা ব্যৱহাৰৰ এলপিজি চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১১৫ টকাকৈ বৃদ্ধি কৰা হৈছে।

তেল বিপণন কোম্পানীসমূহে ঘোষণা কৰা নতুন মূল্য মাজনিশাৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হৈছে। মূল্য বৃদ্ধি সিদ্ধান্তৰ ফলত সাধাৰণ গ্ৰাহকসকলৰ ওপৰত পুনৰ আৰ্থিক বোজা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে, যোৱা কেইমাহমানত এলপিজিৰ মূল্যত একাধিক পৰিৱৰ্তন হোৱা দেখা গৈছে। এইবাৰৰ মূল্য বৃদ্ধি ফলত বিশেষকৈ মধ্যবিত্ত পৰিয়াল আৰু ব্যৱসায়িক ক্ষেত্ৰত অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পোৱাৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আদি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এলপিজি