/asomiyapratidin/media/media_files/2025/12/31/559-2025-12-31-17-21-36.jpg)
ডিজিটেল ডেস্ক : সাংবাদিক মানেই সীমাহীন ব্যস্ততা। অহৰহ বাতৰিৰ পাছত দৌৰি ফুৰা সাংবাদিক তথা সংবাদকৰ্মীয়েও বিচাৰে কিছু আনন্দ আৰু ফুৰ্তি। এই আনন্দ আৰু ক্ষণিক ফুৰ্তিৰ বাবে আজি বছৰৰ অন্তিমটো দিন তথা ৩১ ডিচেম্বৰৰ দিনটোত অসমীয়া প্ৰতিদিনৰ সাংবাদিক তথা সংবাদকৰ্মীসকলে আয়োজন কৰে এখন লটাৰী খেলৰ।
কেইবাটাও আকৰ্ষণীয় পুৰস্কাৰ থকা এই খেলখন বুধবাৰে বিয়লি ৩-০০ বজাত সাদিন- প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সংবাদকৰ্মী তথা অন্যান্য কৰ্মচাৰীৰ মাজত অনুষ্ঠিত হোৱা লটাৰী খেলখনত কেইবাগৰাকী বিজেতাই বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, ২০ টকীয়া মূল্যৰ টিকট ক্ৰয় কৰা কৰ্মচাৰীসকলে লাভ কৰে তেজাল পঠা ছাগলীকে ধৰি জহা চাউললৈকে বহুকেইটা পুৰস্কাৰ।
উল্লেখযোগ্য যে, পুৰস্কাৰৰ বিপৰীতে বিজেতাসকলৰ নামবোৰ হৈছে :
১. তেজাল পঠা ছাগলী এটা লাভ কৰে বীৰেণ দাসে।
২. লোকেল মূৰ্গী এটা লাভ কৰে অসমীয়া প্ৰতিদিনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চানু গোস্বামীয়ে।
৩. কেৰেচীয়া হাঁহ এটা লাভ কৰে দিপুল শৰ্মাই।
৪. কণী ( দুই প্লেট) লাভ কৰে দীপক শৰ্মাই।
৫. লোকেল ভকুৱা মাছ এটা( ২ কিঃ) লাভ কৰে ৰত্নেশ্বৰ বড়োৱে।
৬. জহা চাউল,মচুৰ দাইল আৰু মছলাৰ টোপোলা লাভ কৰে দীপক দাসে।
৭. সৰিয়হৰ তেল(৩ লিঃ) লাভ কৰে প্ৰতিদিন কাকতৰ ছপাশাল কৰ্মচাৰী হীৰেণ বৰ্মনে।
৮. সোণাশক্তিৰ চাউল(৫ কিঃ) লাভ কৰে প্ৰতিদিন কাকতৰ ছপাশাল কৰ্মচাৰী জীয়া কলিতাই।
৯. সীতাজখলাৰ ক্ৰীম (২০০ গ্ৰামৰ এটা) লাভ কৰে প্ৰতিদিন টাইমৰ গৌৰৱ দাসে।
১০. পাচলিৰ টোপোলা লাভ কৰে সাংবাদিক বনজিৎ কলিতাই।
তাৰোপৰি আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰা তিনিগৰাকী বিজেতা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলৰ ভাস্কৰ শৰ্মা, ছপাশালৰ ৰুবুল পাঠক আৰু দীপাংকৰ কলিতা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us