নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিলে গছত! গোগামুখত নিহত এজন

নীলা বৰণৰ ছুজুকী বালেন' বাহনত গোগামুখৰ পাৰঘাট গাঁৱৰ ত্ৰিদিপ দলে আৰু জোণমনি পেগু দলেৰ একমাত্ৰ পুত্ৰ অঞ্জাল দলে এজন সতীৰ্থ সহ ঘৰমুৱা হোৱা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ তললৈ বাগৰি পৰে...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: এক মৰ্মান্তিক পথ দুৰ্ঘটনাই শোকৰ বন্যা বোৱাই গ'ল গোগামুখ চহৰত। শুকুৰবাৰে মাজ নিশা গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰবাৰী পথত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এজন যুৱক ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে এজন যুৱক গুৰুতৰ ভাবে জখম হয়।

ঘটনাৰ বিবৰণী অনুসৰি শুকুৰবাৰে মাজ নিশা এ এছ ০৩ এ বি ১৪৫২ নম্বৰৰ নীলা বৰণৰ ছুজুকী বালেন' বাহনত গোগামুখৰ পাৰঘাট গাঁৱৰ ত্ৰিদিপ দলে আৰু জোণমনি পেগু দলেৰ একমাত্ৰ পুত্ৰ অঞ্জাল দলে এজন সতীৰ্থ সহ ঘৰমুৱা হোৱা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ তললৈ বাগৰি পৰাৰ লগতে এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে ।  

ভয়ংকৰ খুন্দাত চূৰ্ণ বিচূৰ্ণ হয় বাহনখন । তীব্ৰবেগত থকা বুলি সন্দেহ কৰা বাহনখনৰ ভিতৰত থকা দুয়োজন যুৱক গুৰুতৰ ভাবে জখম হোৱাৰ কিছু সময়ৰ পাছত স্থানীয় সৰবৰহী যুৱক অঞ্জাল দলেৰ অকাল মৃত্যু ঘটে। স্থানীয় ৰাইজে  ঘটনাৰ উমান পাই ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী গৈ বাহনখনৰ চালক অঞ্জাল দলে থিতাতে নিহত অৱস্থাত উদ্ধাৰ কৰে আৰু অন্য গৰাকীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।আহত যুৱকজন অদ্যপি চিনাক্ত হোৱা নাই যদিও যোৰহাটৰ বুলি সন্দেহ কৰা হৈছে । গোগামুখ থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু হৈছে আৰু তদন্ত আৰম্ভ কৰিছে। যুৱকজনৰ আকস্মিক বিয়োগত সমগ্ৰ গোগামুখৰ লগতে পাৰঘাট গাঁৱত শোকৰ ছাঁ পৰিছে ।

গোগামুখ