বৰ্ধিত কৰ্তব্যৰ সময়, নাই আসনৰ ৰিক্লাইনঃ পাইলটৰ নতুন নিয়মক লৈ প্ৰতিক্ৰিয়া

ভাৰতীয় বিমান পাইলট সন্থাই দেওবাৰে অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানক বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান পৰিচালনাৰ বাবে শেহতীয়াকৈ বৃদ্ধি কৰা ফ্লাইট ডিউটি ​​টাইম লিমিট (এফডিটিএল) প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।

author-image
ৰিম্পী গগৈ
New Update
RDFRE

ডিজিটেল ডেস্কঃ দেওবাৰে অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানক বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান পৰিচালনাৰ বাবে শেহতীয়াকৈ বৃদ্ধি কৰা ফ্লাইট ডিউটি ​​টাইম লিমিট (এফডিটিএল) প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় বিমান পাইলট সন্থাই। 

ভাৰতীয় বিমান পাইলট সন্থাই অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰিছে যে, বয়িং ৭৮৭ ড্ৰিমলাইনাৰৰ বাবে ইতিমধ্যে টানি অনা ফ্লাইট ডিউটি ​​টাইম লিমিট (এফডিটিএল) বৃদ্ধি কৰাৰ সিদ্ধান্তই ক্লান্তিৰ ফলত হোৱা ভুলৰ সম্ভাৱনা প্ৰকট কৰিছে। উল্লেখযোগ্য যে, সম্প্ৰতি ১০ ঘণ্টাৰ এফ টিৰ (Flight Time) পৰা ১০:৩০ ঘণ্টালৈ বৃদ্ধি কৰাৰ লগতে ফ্লাইট ডিউটি ​​পিৰিয়ড ১৩ ঘণ্টাৰ পৰা ১৪:০০ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে।

অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা এই পত্ৰখনত সংস্থাটোৱে আমেৰিকাৰ Federal Aviation Administration (FAA)-ৰ Airworthiness Directive (FAA-2024-0218)-ৰ উল্লেখ কৰিছে। FAA-ৰ এই নির্দেশনাত বোয়িং ৭৮৭ বিমানত কেপ্টেনৰ চিট ৰিক্লাইন ফাংচন সীমাবদ্ধ কৰা হৈছে। যাৰ ফলত দীঘল উৰণৰ সময়ত বিশ্ৰামৰ গুণগত মানত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে।

ভাৰতীয় বিমান পাইলট সন্থাই লগতে উল্লেখ কৰে যে, “চিট ৰিক্লাইন কৰিব নোৱাৰাৰ ফলত দীঘল উৰণত পাইলটৰ ইন-ফ্লাইট বিশ্ৰামৰ সুবিধা কমিছে। এই সীমাবদ্ধতাই পাইলটৰ বিশ্ৰাম মানৰ ওপৰত গম্ভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে।” পাইলটৰ ডিউটি আৱাৰ বৃদ্ধি কৰাৰ বাবে পাইলটসকলৰ মাজত মানসিক চাপ বৃদ্ধি পোৱা আশংকাই দেখা দিছে। যাৰ বাবে যাত্ৰীৰ সুৰক্ষাৰ প্ৰসংগ উত্থাপন হৈছে। একেদৰে দেশত শেহতীয়াকৈ বৃদ্ধি পোৱা বিমান দুৰ্ঘটনাৰ সময়ছোৱাত এই খবৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

বিমান পৰিবহন