নাগৰিকত্ব আইন অনুসৰি সকলো ভাৰতীয় নাগৰিকৰ পঞ্জীয়ন বাধ্যতামূলকঃ লোকসভাত জনালে গৃহ মন্ত্ৰণালয়ে

নাগৰিকত্ব আইন, ১৯৫৫ অনুসৰি কেন্দ্ৰীয় চৰকাৰে সকলো ভাৰতীয় নাগৰিকৰ বাধ্যতামূলকভাৱে নাম পঞ্জীয়ন কৰিব লাগিব আৰু তেওঁলোকক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰিব লাগিব।

author-image
Asomiya Pratidin
New Update
নাগৰিকত্ব আইন অনুসৰি সকলো ভাৰতীয় নাগৰিকৰ পঞ্জীয়ন বাধ্যতামূলকঃ লোকসভাত জনালে গৃহ মন্ত্ৰণালয়ে

ডিজিটেল ডেস্কঃ সংসদৰ চলিত বৰ্ষাকালীন অধিবেশনৰ মাজতে মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এক লিখিত উত্তৰত জনোৱা হয় যে, নাগৰিকত্ব আইন, ১৯৫৫ অনুসৰি কেন্দ্ৰীয় চৰকাৰে সকলো ভাৰতীয় নাগৰিকৰ বাধ্যতামূলকভাৱে নাম পঞ্জীয়ন কৰিব লাগিব আৰু তেওঁলোকক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ (National Identity Card) প্ৰদান কৰিব লাগিব।

Advertisment

তৃণমূল কংগ্ৰেছৰ সাংসদ মালা ৰয়ে দাখিল কৰা প্ৰশ্নত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী বান্ডি সঞ্জয় কুমাৰে লিখিত উত্তৰত কয়,“নাগৰিকত্ব আইন, ১৯৫৫ (২০০৪ চনৰ সংশোধন অনুসৰি) মতে, সকলো ভাৰতীয় নাগৰিকৰ বাধ্যতামূলক নাম পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদানৰ ব্যৱস্থা আছে। এই ব্যৱস্থাৰ পূৰ্ণ প্ৰক্ৰিয়া নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ জাৰি) বিধি, ২০০৩-ত উল্লেখ আছে।”

এই বিধিসমূহ অনুসৰি, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ সেইসকল নাগৰিকক দিয়া হ’ব যিসকলৰ তথ্য National Register of Indian Citizens (NRIC) বা National Register of Citizens (NRC)-ত অন্তৰ্ভুক্ত আছে।উল্লেখযোগ্য যে, অসমেই হৈছে একমাত্ৰ ৰাজ্য য’ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা এন আৰ চিৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে।

অৱশ্যে ২০১৯ চনত প্ৰকাশ কৰা এন আৰ চিৰ খচৰা তালিকাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে আৰু চূড়ান্ত NRC এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। প্ৰকাশিত খচৰা তালিকাৰ পৰা প্ৰায় ১৯ লাখ লোক বাদ পৰিছিল।

গৃহ মন্ত্ৰণালয়ে লগতে জনায় যে ২০২৭ চনৰ লোক পিয়ল (Population Census) চলাকালত National Population Register (NPR) আপডেট কৰাৰ কোনো সিদ্ধান্ত চৰকাৰে এতিয়ালৈকে গ্ৰহণ কৰা নাই।
NPR হৈছে NRC ৰ প্ৰথম খোজ।

২০১৯-২০ চনত নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু NRC ক লৈ দেশজুৰি হোৱা প্ৰতিবাদত ৮৩ জন লোকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সংসদত স্পষ্ট কৰি কৈছিল, “ৰাষ্ট্ৰীয় পৰ্যায়ত NRC প্ৰস্তুত কৰাৰ বাবে এতিয়ালৈকে চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।”

উল্লেখযোগ্য যে, ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ভিতৰত অন্যতম আছিল এন আৰ চি প্ৰক্ৰিয়া। অৱশ্যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ঘোষণা পত্ৰৰ পৰা বিজেপিয়ে এন আৰ চিৰ বিষয়টো বাদ দিছিল। 

লোকসভা অমিত শ্বাহ এন আৰ চি নাগৰিকত্ব আইন