/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f1b81c3b-47f8-4092-b538-3b575071ea56/84ab5f08-f249-4ce3-9cba-c5e577cc4849.jpg)
ডিজিটেল ডেস্কঃ অসমৰ ৫সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ৭বজাৰ পূৰ্বেই আৰম্ভ হৈছে ভোটগ্ৰহণ। কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ।
ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বিজয় নিশ্চিত বুলি দাবী কৰে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সকলো ৰাইজক ভোট দিবলৈ ওলাই আহিবলৈ আহ্বান জনায়। উল্লেখ কৰা প্ৰয়োজন যে, কাজিৰঙা সমষ্টিত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক তীব্ৰ প্ৰত্যাহ্বান জনাইছে তিৰ্কীয়ে। সমষ্টিটোত ১১গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল।
ইফালে শোণিতপুৰতো ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰঞ্জিত দত্তই পৰিয়ালৰ সৈতে সাব্যস্ত কৰিলে ভোটাধিকাৰ। উক্ত সমষ্টিটোত ৮গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।