লোকসভা নিৰ্বাচন- ২০২৪ঃ আজি অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ..

আজি পুৱা ৭বজাৰে পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচন-২০২৪ৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। অন্তিম পর্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ মুঠ ৫৭ টা সমষ্টিত শনিবাৰে ভোটগ্রহণ অনুষ্ঠিত হৈছে।

author-image
Asomiya Pratidin
New Update
লোকসভা নিৰ্বাচন- ২০২৪ঃ আজি অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ..

ডিজিটেল ডেস্কঃ আজি পুৱা ৭বজাৰে পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচন-২০২৪ৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। অন্তিম পর্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ মুঠ ৫৭ টা সমষ্টিত শনিবাৰে ভোটগ্রহণ অনুষ্ঠিত হৈছে।

Advertisment

এই পর্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খন, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ ১খন সংসদীয় আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।

শনিবাৰে পুৱা ৭ বজাৰে পৰা ভোটগ্রহণ আৰম্ভ হৈছে। সপ্তম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী ৰথী-মহাৰথীৰ। অন্তিম পর্যায়ত মুঠ ৯০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বাৰাণসী সমষ্টিত তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মোডীক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে।

ইয়াৰোপৰি অন্তিম পৰ্যায়ত ভাগ্য নির্ণয় হ'বলগীয়া প্রার্থীসকলৰ ভিতৰত আছে কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্রী কংগনা ৰাণাৱট, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্রী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নী, প্রাক্তন কেন্দ্রীয় মন্ত্রী হৰছিমৰাৎ কৌৰ বাদল, আৰ জে দি নেতা লালুপ্রসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মণীষ তিৱাৰী, বিক্রমাদিত্য সিং আদি।

লোকসভা নিৰ্বাচন- ২০২৪